খোৱাঙত আজিও স্মৃতি বিৰাজমান হৈ আছে বিষ্ণু ৰাভাৰ

ক’ভিড ভয়াবহতাৰ মাজতে ৰাজ্যবাসীয়ে পালন কৰিছে সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি, তথা বিষ্ণু ৰাভা দিৱস। জনতাৰ শিল্পী বিষ্ণু ৰাভা দেৱৰ মৃত্যু তিথিৰ দিনটোত শিল্পী জনক শ্ৰদ্ধাৰে সোঁৱৰিছে সকলোৱে । বহুতে শিল্পী জনৰ লগত পাৰ কৰা সময়ৰ কথাবোৰ স্মৰণ কৰি আবেগিক হৈছে । ঠিক তেনেদৰে ডিব্ৰুগড় জিলাৰ খোৱাং গন্দৈগুৰি গাঁওৰ ৰাইজে আজিও বিষ্ণু ৰাভাৰ স্মৃতিক লৈ গৌৰৱ কৰে। বিষ্ণু ৰাভাই সংগ্ৰাম কৰি থকা সময়ত খোৱাং গন্দৈগুৰি গাঁওৰ বিষ্টেচৰ শইকীয়া (বিয়াগুন)ৰ ঘৰত আশ্ৰয় লৈ সংগ্ৰামৰ কামকাজ কৰিছিল । গন্দৈগুৰি গাঁওৰ মাজেৰে পাৰ হৈ যোৱা ডিমৌ নদীৰ পাৰতে বহি শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই বৰশী টুপাই সময় পাৰ কৰিছিল। পৰবৰ্তী সময়ত সোনপাহী নামেৰে লিখা উপন্যাসত ৰাভাদেৱে কাল্পনিক ভাৱে খোৱাং গন্দৈগুৰি গাঁওত থকা সময়ৰ স্মৃতি সমূহ বিৱৰণ দি গৈছে বুলি খোৱাঙৰ ৰাইজে দাবী কৰে । সেয়ে ৰাইজে বিষ্ণুপ্ৰসাদ ৰাভাই বৰশী বোৱা ডিমৌ নদীৰ উক্ত ঠাইখিনি সোনপাহী ঘাট ৰূপে নামাকৰণ কৰিছে । খোৱাঙৰ ৰাইজে নামাকৰণ কৰা বিষ্ণু ৰাভাৰ স্মৃতি বিৰাজমান সোনপাহী ঘাটটো সংৰক্ষণৰ দাবী উত্থাপিত কৰিছে ।

Related Articles