Breaking

অৰণ্যমানৱ-পদ্মশ্ৰী যাদৱ পায়েং আৰু বিধায়ক পদ্ম হাজৰিকাক লগত লৈ মৰঙিত হাতী-মানুহৰ সংঘাতৰ সমাধান সূত্ৰৰ সন্ধান খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ

0 46

বৃহত্তৰ মৰঙিৰ লগতে গোলাঘাট জিলাত ক্ৰমশঃ ভয়ংকৰ হৈ উঠা হাতী-মানুহৰ সংঘাতৰ এক সমাধান-সূত্ৰৰ সন্ধানত বুধবাৰে খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই এখন বৃহৎ জনসভাৰ আয়োজন কৰে৷ সৰুপথাৰ সমষ্টিৰ পৰা নতুনকৈ খুমটাই সমষ্টিত চামিল হোৱাৰ পাছত মৰঙিত অনুষ্ঠিত উক্ত সভাত অংশ লয় অৰণ্যমানৱ পদ্মশ্ৰী যাদৱ পায়েং, চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, গোলাঘাট জিলাৰ বন প্ৰাধিকাৰী বিষয়া সুশীল কুমাৰ ঠাকুৰীয়া, গোলাঘাট জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস আৰু অতিৰিক্ত উপায়ুক্ত অমিত প্ৰভা দাসে৷

সভাত উপস্থিত থকা কেবা সহস্ৰাধিক লোকক সম্বোধি দিয়া বক্তব্যত বিধায়ক শইকীয়াই কয় যে হাতী আৰু মানুহৰ সহাৱস্থান সময়ৰ দাবী৷ অসমত জ্বলন্ত সমস্যা হৈ পৰা হাতী-মানুহৰ সংঘাতৰ বাবে প্ৰকৃততে মানুহেই বেছি দায়ী৷ মানুহৰ অত্যাচাৰৰ বাবেই মূলতঃ বনৰীয়া হাতীৰ শান্ত স্বভাৱলৈও পৰিৱৰ্তন আহিছে৷ আমি পাহৰি গ’লে নহ’ব যে পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থতে হাতীক জীয়াই ৰখাৰ গত্যন্তৰ নাই৷ হাতী আৰু মানুহৰ সহাৱস্থানৰ জড়িয়তে কৃষকেও কিদৰে নিজা কৃষিকৰ্ম অব্যাহত ৰাখিব পাৰি, তাৰ এক বৈজ্ঞানিক সমাধানসূত্ৰৰ সন্ধান উলিওৱাৰ বিকল্প নাই৷ ডিএফঅ’ ঠাকুৰীয়াই নিজা বক্তব্যত কয় যে গোলাঘাট জিলাৰ অৰণ্যৰ এক বৃহৎ অংশ জনাঞ্চললৈ ৰূপান্তৰিত হোৱাটোৱেই গোলাঘাটত হাতী-মানুহৰ সংঘাত বৃদ্ধিৰ মূল কাৰণ৷ গোলাঘাটৰ টেঙানি আৰু দেওপাহাৰ আছিল বন্য হস্তীৰ খাদ্য আৰু বসবাসৰ স্থান৷ উক্ত অঞ্চল মানুহৰ দখললৈ যোৱাৰ পৰাই হাতী-মানুহৰ সংঘাত ক্ৰমশঃ ভয়ংকৰ হৈ উঠিল৷

অন্যহাতেদি বহুতো উদণ্ড ল’ৰাই জিৰণি লৈ থকা হাতীক অত্যাচাৰ কৰাটো এক চিন্তনীয় বিষয় বুলি কয় ডিএফঅ’ ঠাকুৰীয়াই৷ তেওঁ কয় যে গোলাঘাট জিলাৰ কিছুমান নিৰ্দিষ্ট ঠাইত মুঠ প্ৰায় ছয় কিলোমিটাৰ হেঙিং ছ’লাৰ ফেঞ্চিং দিলেও ৰাইজে সাময়িক সকাহ লাভ কৰিব৷ কিন্তু সমান্তৰালভাবে সেউজভূমি বৃদ্ধি আৰু হাতীৰ বাবে পানী আৰু হাতীৰ খাদ্য হ’ব পৰা ঘাঁহ আৰু ফলমূলৰ গছ-গছনিও বৃদ্ধি কৰি যাব লাগিব৷

অৰণ্যমানৱ যাদৱ পায়েঙে ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিবোৰত হাতীৰ খাদ্যৰ উপযোগী গছ-গছনি ৰোপন কৰিও হাতী-মানুহৰ সংঘাত ৰোধ কৰিব পৰা যাব৷ পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ আৰু অনিষ্টকাৰী মানুহ বুলি কৈ পায়েঙে কয় যে মানুহেই পৃথিৱীৰ অস্থিৰতাৰ মূল৷ মানুহৰ বাবেই পৰিৱেশৰ ভাৰসাম্য হেৰাব ধৰিছে৷ তেওঁ আৰু কয় যে প্ৰতি বছৰে অন্ততঃ এসপ্তাহ সময়কৈ লক্‌ডাউন দিয়াটো আইন কৰি ল’লেও পৰিৱেশৰ ভাৰসাম্য বহু পৰিমাণে ৰক্ষা পৰিব৷ পৰিৱেশৰ ভাৰসাম্যৰ ৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে ২০৫০ চনৰ ভিতৰত পানীৰ অভাৱে ভয়ংকৰ ৰূপ ল’ব৷ পৃথিৱীৰ ৮০০ কোটি মানুহে নিজে উশাহ ল’বলৈকে এজোপাকৈ গছ ৰোপন কৰিলেও পৃথিৱী সলনি হৈ পৰিব বুলি কয় পায়েঙে৷ তেওঁ লগতে কয় যে অৰণ্যৰ সকলো জন্তুৱেই গছ ৰোব জানে, মহাবাহু ব্ৰহ্মপুত্ৰ-নদ-নদী-বতাহে গছ ৰোব জানে, কিন্তু নিজকে জীৱশ্ৰেষ্ঠ বুলি কোৱা মানুহে কেৱল গছ কাটিবহে জানে বুলি আক্ষেপ কৰে অৰণ্যমানৱ পায়েঙে৷

মানুহে জীয়াই থাকিবলৈ হ’লে পৃথিৱীৰ সকলো জীৱজন্তুকে নিজৰ সন্তান জ্ঞান কৰি সিঁহতৰ বাবেও চিন্তা কৰিলেই সকলো সমস্যাৰ অন্ত পৰিব বুলি তেওঁ কয়৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয় যে ৰাইজ আৰু চৰকাৰ যুটীয়া প্ৰচেষ্টাইহে হাতী-মানুহৰ সংঘাতৰ এক সমাধানসূত্ৰ উলিয়াব৷ অসমত অপৰাধ কমি যোৱাৰ তথ্য দি চৰকাৰে প্ৰেছ মীট পাতিছে যদিও এই কথা কেতিয়াও কোৱা নাই যে প্ৰতি বছৰে ৭০-ৰো অধিক হাতী মানুহৰ হাতত আৰু ৮০-ৰো অধিক মানুহে হাতীৰ হাতত প্ৰাণ হেৰুৱাইছে৷ পূৰ্বৰ চৰকাৰে বনাঞ্চলসমুহ ৰক্ষাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলিও কয় বিধায়ক হাজৰিকাই৷ মানুহ বাঢ়িছে কিন্তু মানুহৰ পৃথিৱীৰ ভাৰসাম্যৰ ক্ষেত্ৰত অতীব প্ৰয়োজনীয় হাতীৰ সংখ্যা দিনে দিনে কমি আহিছে৷ অসমৰ সকলো ঠাইতে হাতীৰ খাদ্য হ’ব পৰা গছ-লতা-তৰু-তৃণ ৰোপন কৰিলেই হাতী-মানুহৰ সংঘাত ওৰ পৰিব বুলি তেওঁ কয়৷ ইয়াত চৰকাৰৰো কৰণীয় আছে৷

বিধায়ক হাজৰিকাই কয় যে মানুহে ব্যক্তিগতভাবে বৈদ্যুতিক ফেঞ্চিঙৰ ব্যৱস্থা নকৰি বন বিভাগে জৰীপৰ যোগেদি চিহ্নিত কৰা ঠাইত বৈদ্যুতিক ফেঞ্চিং দিয়াত ৰাইজে সহযোগিতা কৰা উচিত৷ হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ প্ৰথম পদক্ষেপ মানুহৰ সচেতনতা বৃদ্ধি বুলি কয় বিধায়কজনে৷ তেওঁ লগতে কয় যে মাটিৰ মানৱ বিধায়ক মৃণাল শইকীয়াই হাতী-মানুহৰ সংঘাতৰ এই সমাধানসূত্ৰৰ সন্ধানত নামি পৰিছে যেতিয়া ৰাইজে তাৰ ইতিবাচক ফল পাব৷ মৰঙিক খুমটাই সমষ্টিৰে চামিলকৰণৰ পাছত মৰঙি মৌজাত অনুষ্ঠিত প্ৰথমখন বৃহৎ ৰাজহুৱা সভাৰ শেষত বিধায়ক মৃণাল শইকীয়াই মৰঙিৰ ৰাইজৰ বাবে আটাইতকৈ জ্বলন্ত সমস্যা হৈ পৰা হাতী-মানুহৰ সংঘাতৰ এক সমাধানৰ উলিওৱাৰ ক্ষেত্ৰত সকলো ৰাইজৰ সহযোগিতা আশা কৰিছে৷

Leave A Reply