ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত (Khunseng Kotoky)পুনৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অবিভক্ত শিৱসাগৰ জিলাৰ এজন কিশোৰে। এইবাৰ সত্ৰীয়া নৃত্যত প্ৰথম স্থান দখল কৰি সমগ্ৰ অসমৰ লগতে গৌৰৱ কঢ়িয়াই আনিছে শিৱসাগৰ বকতালৈ।
৬ পৰা ৯ ছেপ্টেম্বৰত উৰিষ্যাৰ পুৰিত অনুস্থিত হোৱা ভাৰতীয় থিয়েটাৰ অলিম্পিয়াডৰ ৩৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় নাট, নৃত্য আৰু সংগীত মহোৎসৱত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে অবিভক্ত শিৱসাগৰ জিলাৰ বকতাৰ এজন কিশোৰে।
পাটসাঁকো বৰভূঞা গাঁৱৰ খুনচেং কটকী নামৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত ১৩ বছৰীয়া এইজন কিশোৰ। মাতৃ ৰস্মি বকল কটকী আৰু পিতৃ সুৰেশ কটকীৰ দ্বিতীয় পুত্ৰ খুনচেং। এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহোৎসৱত উৎকল সংস্কৃতিক সংঘ, কটকৰ উদ্যোগত পুৰিৰ অন্নপুৰ্ণা থিয়েটাৰ হলত ৬ৰ পৰা ৯ ছেপ্তেম্বৰলৈ আয়োজিত ৰাষ্ট্ৰীয় সংগীত আৰু নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অবিভক্ত শিৱসাগৰ জিলাৰ পাটসাঁকো বৰভুঞা গাওঁৰ কিশোৰ খুনচেং কটকীয়ে সত্ৰীয়া নৃত্যত প্ৰথম পুৰস্কাৰ লাভ কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ আগন্তুক নেপালত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছে খুনচেং কটকীয়ে।

