Breaking

তামুলপুৰত অপহৰণৰ ঘটনা…

0 98

তামুলপুৰত অপহৰণৰ ঘটনা! তামুলপুৰৰ বাৰেইগাঁৱৰ এগৰাকী ব্যক্তিক প্ৰাতঃভ্ৰমণলৈ যাওঁতে অচিনাক্ত দুৰ্বৃত্তই গাড়ীত উঠাই লৈ যোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। ঘটনাৰ বিৱৰণ অনুসৰি আজি পুৱা প্ৰায় ৫ মান বজাত তামুলপুৰ সদৰৰ বাৰেইগাঁৱৰ ধনপতি লাহৰী নামৰ ব্যক্তি জনে প্ৰাতঃভ্ৰমণৰ বাবে ওলাই যাওঁতে ঘৰৰ পৰা এশ মিটাৰ দূৰত্বত থকা তামুলপুৰ পাৰ্কৰ সন্মূখৰ পৰা এখন বাহনত অচিনাক্ত দুৰ্বৃত্তৰ দল এটাই জোৰ জবৰদস্তি উঠাই লৈ যায়। ঘটনা সম্পৰ্কত ইতিমধ্যে তামুলপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানেও ব্যক্তিজনৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।

তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ প্ৰতিবেদন

Leave A Reply