Breaking

জালুকবাৰীৰ কিশোৰী হত্যাকাণ্ডৰ হত্যাকাৰীক গ্ৰেপ্তাৰ

0 159

বুধবাৰে নিশা জালুকবাৰীত এগৰাকী কিশোৰীৰ মৃতদেহ বাথৰুমত উদ্ধাৰ হৈছিল। ইয়াৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে এয়া এক হত্যাকাণ্ড বুলি নিশ্চিত কৰে।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে আৰু এই হত্যাকাণ্ড বুলবুল হুছেইনে সংঘটিত কৰাৰ ক্লু লাভ কৰে।

অতি তৎপৰতাৰে আৰক্ষীয়ে তদন্ত কৰি গ্ৰেপ্তাৰ কৰিলে মূল অভিযুক্ত বুলবুল হুছেইনক।

আৰক্ষীয়ে বুলবুল হুছেইনক ছয়গাঁৱৰ হাতীচলা পামৰ পৰা গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে ধৃত বুলবুলে আৰক্ষীৰ আগত এই হত্যাকাণ্ডৰ বিষয়ে স্বীকাৰ কৰিছে।

Leave A Reply