Breaking

মাছ মৰাৰ চলেৰে পৰীভ্ৰমী পক্ষী-কাছ নিধন

0 2,025

অসমৰ একমাত্ৰ পক্ষী অভায়ৰণ্য দীপৰ বিলক সংৰক্ষণ কৰাৰ বাবে চৰকাৰে বহু আচনি হাতত লোৱা বুলি ঘোষণা কৰি আহিছে যদিও বাস্তৱ ক্ষেত্ৰত কোনো প্ৰদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । তাৰ বিপৰতে এটা চক্ৰই মাছ মৰাৰ চলেৰে বিলখনত জলকেলি কৰা দেশী-বিদেশী পৰিভ্ৰমী চৰাই আৰু বিৰল প্ৰজাতিৰ বিভিন্ন কাছ নিধন কৰি অহা বুলি গুৰুতৰ অভিযোগ উঠিছে । প্ৰাপ্ত অভিযোগ অনুসৰি দীপৰ বিলৰ পানী ব্ৰহ্মপুত্ৰলৈ গতি কৰাৰ সময়তে এটা চক্ৰই খানা নৈ আৰু বিলৰ সংযোগ স্থানতে স্থাপন  কৰিছে এটা বৃহৎ মাছ মৰা বান্ধ । স্হানীয় ভাষাত এই বান্ধটোৰ নাম হল সাৰ বান্ধ । পানীৰ সোত ব্ৰহ্মপুত্ৰৰ ফালে ধাৱমান হোৱাৰ লগে লগে বিলখনত থকা বিভিন্ন প্ৰজাতিৰ বিৰল কাছৰ লগতে ৰৌ,ভকুৱা, মিৰিকা,বৰালি, চিতল,কালজাল আদিকে ধৰি মাছ সমুহ ওলাই আহে । কিন্তু বিলখনৰ মুখতে বহুওৱা বান্ধত মাছ,কাছ সমূহ আৱদ্ধ হৈ পৰে । মাছ মৰা চক্ৰটোৱে আৱদ্ধ হোৱা মাছবোৰ বজাৰত বিক্ৰী কৰাৰ লগতে বিৰল প্ৰজাতিৰ কাছবোৰ গোপনে বিক্ৰী কৰে । আনহাতে শীতৰ আগমণৰ লগেলগে বিলখনলৈ আহিছে দেশী বিদেশী বহু পৰিভ্ৰমী বিহংগ । অভিযোগ অনুসৰি মাছমৰা চক্ৰটোৱে নিশাৰ ভাগত বিলখনত জলকেলি কৰি থকা চৰাই নিধন কৰি ভক্ষণ কৰি অহা বুলি স্হানীয় একাংশলোকে গুৰুতৰ অভিযোগ তুলিছে । উল্লেখনীয় যে বিলখনৰ তদাৰক কৰাৰ বাবে বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ এটা বিয়াগোম দল নিয়োজিত কৰা আছে যদিও তেওলোকে ব্যৱস্থা গ্ৰহণ কৰাৰ সলনি চকুমুদা কুলিৰ ভাওহে ধৰি থাকে । যাৰবাবে দীপৰ বিলৰ সংৰক্ষণৰ বাবে মাতমাতি অহা প্ৰকৃতিপ্ৰেমী সংগঠন সমূহকে ধৰি স্হানীয় লোকসকলে দীপৰৰ মুখত অবৈধভাবে স্হাপন কৰা মাছ মৰা বান্ধটো শীঘ্ৰে উচ্ছেদ কৰিবলৈ চৰকাৰক দাবী জনাইছে ।

Leave A Reply