দক্ষিণ শালমাৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ…

দক্ষিণ শালমাৰা চক্ৰ বিষয়া কাৰ্য্যালয়ৰ সন্মুখত আজি কৃষক মুক্তি সংগ্ৰাম সমাতিৰ উদ্যোগত বিভিন্ন সমস্যা সমাধানৰ দাবীত দুই ঘণ্টীয়া প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ণ কৰে। প্ৰায় সহশ্ৰাধিক প্ৰতিবাদকাৰীয়ে দিনৰ ১১ বজাত হাতে হাতে প্লে-কাৰ্ডলৈ বিধায়ক ওৱাজেদ আলী চৌধুৰী গো-বেগ, সাংসদ মৌলানা বদৰউদ্দিন আজমল গো-বেগ, কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷


উল্লেখ্য যে, দক্ষিণ শালমাৰাৰ নামত থকা ইউক বেঙ্ক দীৰ্ঘদিনৰ পৰা ধুবুৰীৰ ভাৰা ঘৰত চলি আছে যাৰবাবে দক্ষিণ শালমাৰা সমষ্টিবাসি ৰাইজ উক্ত বেঙ্কৰ সুবিধা পাবলৈ গোটেই দিন ব্ৰহ্মপুত্ৰ নদীয়েদি যাত্ৰা কৰি ধুবুৰীত যাবলগীয়া হয় ৷
আনহাতে ধেনাৰখুটি ঘাটৰ পৰা প্ৰতিদিনে শ শ যাত্ৰী বিপদসংকুল ভাবে জিঞ্জিৰাম নদী পাৰাপাৰ হব লগীয়া হৈছে যাৰবাবে দীৰ্ঘদিনধৰি স্থানীয় দল সংগঠৰ লগতে স্থানীয় ৰাইজে দাবী জনাই আহিছে যদিও জনপ্ৰতিনিধি ৰাজনৈতিক সৰযন্ত্ৰত আজিলৈকে নিৰ্মাণ নোহোৱাৰ অভিযোগ কৃষক মুক্তিৰ ৷


আজি ধেনাৰখুটি ঘাটৰ দলং নিৰ্মাণ আৰু দক্ষিণ শালমাৰাৰ ইউক বেঙ্ক দক্ষিণ শালমাৰাত পুনৰ হস্তান্তৰৰ দাবীত এই প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ণ কৰে ৷
প্ৰতিবাদ সাব্যস্ত কৰি দক্ষিণ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷
বাইট- কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য ৷

Related Articles