নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক কলংপাৰ কাকত গোষ্ঠীৰ দ্বাৰা প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হ’ব “কলংপাৰ বঁটা -২০২০” । অহা ৩ জানুৱাৰীত ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা প্ৰেক্ষাগৃহত “আমাৰ অসম” কাকতৰ মুখ্য সম্পাদক ,বিশিষ্ট সাংবাদিক, নগাঁৱৰ সু – সন্তান মনোজ কুমাৰ গোস্বামীক এই বঁটা প্ৰদান কৰিব অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে । তিলক প্ৰকাশন গোষ্ঠীৰ সৌজন্যত নগাঁও মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সহযোগত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান । ইফালে কলংপাৰ কাকতৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা আৰু সদ্যপ্ৰয়াত কলংপাৰ কাকতৰ উপ – সম্পাদক অচ্যুত প্ৰৱৰ শৰ্মাৰ নামত উচৰ্গিত গল্প, প্ৰবন্ধ আৰু কবিতা প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ এই অনুষ্ঠানতে প্ৰদান কৰাৰ লগতে লেখিকা অনিমা বৰুৱা শৰ্মাৰ গ্ৰন্থ “পঞ্চ সতীৰ দেশত গোৱালীৰ কন্যা ” নামৰ গ্ৰন্থখনিও উন্মোচনৰ দিহা কৰা হৈছে । উক্ত অনুষ্ঠানতে বিশিষ্ট মুক্তিযোদ্ধা আবু চামাৰ স্মাৰক বক্তৃতা -সাংবাদিকতাৰ সংকট – ৰাজনৈতিক আৰু সামাজিক পটভূমি ‘ শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰিব কলংপাৰ বঁটা প্ৰাপক মনোজ কুমাৰ গোস্বামীয়ে । বিশিষ্ট সাংবাদিক, কলংপাৰ কাকতৰ প্ৰতিষ্ঠাপক প্ৰয়াত বলেন বৰাৰ বলিষ্ঠ পদক্ষেপত জন্মলাভ কৰা কলংপাৰ কাকতৰ পুনৰ প্ৰকাশনৰ অন্যতম হোতা যুক্তিনাথ খাউণ্ডৰ সভাপতিত্বত অনুষ্ঠিতব্য বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব স্থানীয় বিধায়ক ৰূপক শৰ্মা ; প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা , নগাঁও জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভন আৰু নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড :শৰৎ বৰকটকীয়ে ।

