Breaking

কেঁচা আম খালে আপোনাৰ দেহৰ ঘামৰ মাত্রা কেনেকৈ কমে জানক…

0 124

এতিয়া গ্ৰীষ্মকাল। চাৰিওফালে আমেৰে উপচি পৰাৰ বতৰ। সকলো বয়সৰ মানুহেই পকা আম পছন্দ কৰে।কিন্তু কেঁচা আমৰ স্বাস্থ্যৰ পক্ষে উপকাৰিতাৰ কথা জানিলে আপুনি নিজকে ধন্য মানিব। কেঁচা আমৰ সুগন্ধত দেহ মন সতেজতাৰে ভৰি পৰে।আটায়েৰে প্রিয় কেঁচা আমত প্রটিন, কার্ব’হাইড্রেট, ভিটামিন চি, মিনাৰেল থকাৰ ওপৰিও প্ৰচুৰ পৰিমাণে পানী থাকে।

*এছিডিটি গেছট্ৰিক সমস্যাত আজিৰ দিনত কম বেছি পৰিমানে সকলো মানুহেই ভুগে। কেঁচা আম খালে এছিডিটিৰ সমস্যাৰ পৰা মুক্তি পোৱা যায়। ঔষধ গ্রহণ নকৰাকৈ আপোনাৰ হজমশক্তিত কেঁচা আমে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

*গৰমত আমাৰ শৰীৰৰ পৰা বহু পানী ঘাম আকাৰে বাহিৰ হৈ যায়। শৰীৰৰ তৃষ্ণা আৰু পানীৰ ঘাটি পূৰণৰ বাবে সামান্য নিমখ মিহলাই কেঁচা আম খাওক।

*গৰমৰ দিনত বেছিভাগ মানুহৰ পেটত নানান সমস্যাই দেখা দিয়ে। ডায়েৰীয়া, আমাশয় ও বদহজমৰ দৰে বহু সমস্যাৰ বিৰুদ্ধে কাম কৰে কেঁচা আমে। পাচনতন্ত্রক পৰিষ্কাৰ কৰাৰ ওপৰিও কোষ্ঠকাঠিন্য সমস্যাৰ পৰা মুক্তি দিয়ে কেঁচা আমে।

*ওজন কমায়ঃ

পকা আমতকৈ কেঁচা আমত চেনি(মিঠা) কম থাকে বাবে ই কেলৰি কমোৱাত সহায় কৰে।
*স্কার্ভি ও দাঁতৰ গুৰিৰ পৰা ৰক্ত ওলোৱা প্রতিৰোধ কৰেঃ

কেঁচা আমে আপোনাৰ শৰীৰৰ বাবে প্রয়োজনীয় ভিটামিন চিৰ যোগান ধৰে। স্কার্ভি, এনেমিয়া আৰু দাঁতৰ আলুৰ পৰা তেজ ওলোৱা ৰোধ কৰে।ই দাঁতৰ আলুৰ পৰা তেজ ওলোৱা বন্ধ কৰাৰ উপৰিও নিঃশ্বাসৰ সময়ত দুর্গন্ধ আৰু দাঁতৰ ক্ষয় ৰোধ কৰে।

*গৰ্ভৱতী মহিলাৰ মৰ্নিং ছিকনেচ বমিৰভাৱ নোহোৱা কৰেঃ

বিশেষ কৰি গর্ভৱতী মহিলাৰ মর্নিং ছিকনেচ দূৰ কৰাত চমকপ্ৰদভাৱে কাম কৰে কেঁচা আমে। সামান্য নিমখ মিহলাই কেঁচা আম খেলে বমি বমি ভাৱ দূৰ হয়।

*দৃষ্টিশক্তিৰ উন্নতি ঘটায়ঃ


কেঁচা আমত আলফা কেৰ’টিন ও বিটা কেৰ’টিনৰ দৰে ফ্লেভানয়েড সমৃদ্ধ হৈ থাকে। এই সকলো উপাদান দৃষ্টিশক্তি ভালে ৰখাৰ ওপৰিও দৃষ্টিশক্তিৰ উন্নতি ঘটায়।

*লিভাৰ(যকৃত) সুস্থ ৰাখিবলৈ কেঁচা আম খাওঁকঃ

লিভাৰৰ ৰোগ নিৰাময়ৰ এটি প্রাকৃতিক উপায় হল কেঁচা আম। কেঁচা আম খোৱাৰ ফলত পিত্তথলিৰ এছিড ও পিত্তৰস বৃদ্ধি পায়। ইয়াৰ ফলত যকৃতৰ কাৰ্যক্ষমতা বাঢ়ি যায়। পাচনতন্ত্রত বেক্টেৰিয়াৰ ইনফেকচন ৰোধ কৰে।

*ঘামচি প্রতিৰোধ কৰেঃ

গ্রীষ্মকালত চালৰ প্ৰধান শত্রু হল ঘামচি। ঘামচিৰ বিৰুদ্ধে যুদ্ধ কৰাৰ সকলোতকৈ ভাল উপায় হল কেঁচা আম পান কৰা।

*ৰক্তৰ সমস্যা দূৰ কৰেঃ

কেঁচা আমে শৰীৰৰ কোষক উজ্জীৱিত কৰে আৰু ৰক্তনলীৰ স্থিতিস্থাপকতা বৃদ্ধি কৰাৰ ওপৰিও নতুন ৰক্তকোষ গঠনত সহায়তা কৰে। বিভিন্ন ধৰণৰ ৰক্তৰ সমস্যা যেনে ৰক্তশূন্যতা, ব্লাড কেঞ্চাৰ, ৰক্তক্ষৰণৰ সমস্যা ও টিউবাৰকোল’চিচৰ সংক্রমণৰ পৰা ৰক্ষা কৰে।

*এনার্জি শক্তি প্রদান কৰেঃ

কেঁচা আমে মানৱ শৰীৰৰ বাবে প্রচুৰ পৰিমাণে শক্তিৰ যোগান ধৰে।

*ঘাম কমায়ঃ

কেঁচা আম খালে ঘামৰ মাত্রা কমি যায়। অতিৰিক্ত ঘামি যোৱাৰ ফলত শৰীৰত ছডিয়াম ক্লোৰাইড আৰু আয়ৰণ কমি যায়। এই প্রক্রিয়াক প্রতিৰোধ কৰিবলৈ কেঁচা আম খোৱাটো জৰুৰী।

বিশেষ সতৰ্কীকৰণঃ

কেঁচা আমৰ ৰস মুখত লাগিলে ও পেটৰ ভিতৰত গলে মুখ,গল ও পেটত ইনফেকচন হব পাৰে। সেয়ে এইক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত।

লেখক: ডা: শ্বাহিদুল প্ৰীতম

Leave A Reply