ছালৰ খজুৱতিৰ পৰা ৰক্ষা কেনেকৈ পাব পাৰি জানক…

কাৰণ আৰু নিমূলৰ উপায়

ছালখন যদিহে ৰঙা পৰে, খজুৱতি হয়, সৰু সৰু মিহি ৰেখাৰ সৃষ্টি হয়, তেন্তে বুজিব লাগিব যে মুখৰ ছাল শুকান হৈছে। শুকান ছালৰ সমস্যা পুৰুষসকলৰ মাজত প্ৰায়ে দেখা দিয়া সমস্যা, পিচে ই যে কেৱল মুখৰ ছালতে সীমাবদ্ধ থাকে এনে নহয়, শৰীৰৰ কিছু কিছু অংশৰ লগতে হাত আৰু ভৰিতো ইয়াৰ প্ৰভাৱ পৰে। ইয়াৰ কাৰণবোৰ হ’ল-

  • বংশগত ছালৰ বৈশিষ্ট্যসমূহ সদায় আমাৰ ছালৰ মূল আধাৰ। ইয়াক আমি কেতিয়াও সলনি কৰিব নোৱাৰো। এডভান্সড ফে’চ এণ্ড ব’ডি ল’চন য’ত হাইল’ৰেনিক এচিড আৰু গ্লিচাৰিন থাকে তেনে সামগ্ৰী ব্যৱহাৰৰ লগতে ফেচ’ৱাছ কৰাৰ পিছত ময়শ্বৰাইজাৰৰ তাৎক্ষণিক ব্যৱহাৰ কৰক।
  • শুকান দিনবোৰত বতাহত ময়শ্বাইজাৰৰ পৰিমাণ কমি যোৱাত আমাৰ ছালখন শুকান হৈ পৰে। পৰাপক্ষত ছালখন ঢাকি লোৱাৰ ব্যৱস্থা কৰি ল’ব পাৰিলে ভাল।

  • পানীয় আহাৰৰ পৰিমাণ দিনটোত আটাইতকৈ বেছিকৈ খোৱা উচিত। খোৱাপানী, ফল বা ফলৰ ৰস, শাক-পাচলি অথবা চুপ এইবোৰ দৈনিক খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত হোৱা দৰকাৰ।
  • চাবোনৰ ব্যৱহাৰ কম আৰু তাৰ ঠাইত ময়শ্বাৰ থকা ব’ডিৱাছ আৰু ফে’চৱাছৰ ব্যৱহাৰ কৰা উচিত। ইয়ে আপোনাৰ ছাল নতুনকৈ গঢ় দিয়াত আৰু সজীৱ ৰখাত সহায়ক হ’ব।

  • বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ ছালখনে উপযুক্ত পৰিমাণে তেলৰ যোগান ধৰিব নোৱাৰা হৈ পৰে। ইয়াৰ ফলত হৈ পৰে শুকান আৰু বলিৰেখাৰ সৃষ্টি হয়। গা ধোৱাৰ আগতে অলিভ অইলৰ মাছাজ এটা ল’ব পাৰিলে ভাল ফল পাব।

Related Articles