Breaking

কেঁকোৰা তেলেতীয়া চুলিত ঘৰুৱা হেয়াৰ পেক কেনেদৰে লগাব লাগে জানক…

0 85

কেঁকোৰা চুলিৰ বাবে –

*যিসকলৰ চুলি কেঁকোৰা, তেওঁলোকে ঘৰুৱাভাৱে কিছু পৰিমাণে নিজৰ চুলি পোন কৰিব পাৰিব।

*কল, এভ’কাডো সানি প্ৰস্তুত কৰা লেপন ২০ মিনিট ৰাখি পিচত মূৰ ধুব। সপ্তাহত তিনি দিন। তিল তেল চুলিত মালিচ কৰি শ্বাৱাৰ কেপ লগাই আধা ঘণ্টা থৈ ধুব।

তেলেতীয়া চুলিৰ বাবে –

১) তিতা চুলিত বিয়েৰ মালিচ কৰিব।

২) আপেলৰ ৰস, ভিনেগাৰ মিহলাই চুলিত লগাওক।

৩) পদিনা পাত সিজাই সেই পানীৰে চুলি ধোৱক। ভাল মূলটানি মাটিৰ লেপ তৈয়াৰ কৰি চুলিত লগাওক। সপ্তাহত তিনিদিনকৈ।

শুকান চুলিৰ বাবে –

১) আধাকাপ মেয়’নিজ চুলিত লগাই মূৰত শ্বাৱাৰ কেপ পিন্ধিব। আধা ঘণ্টাৰ পিচত শ্বেম্পু কৰক।

২) পকা কল ফেটি চুলিত সানি ১৫ মিনিটৰ পিচত ধুই দিব। ছালকুঁৱৰীৰ ৰস উলিয়াই চুলিত লগাব।

ফটা চুলিৰ বাবে:

১) এৰা তেল, জলফাই তেল, সৰিয়হ তেল মিহলাই চুলিত লগাই গৰম টাৱেলেৰে চুলি মেৰিয়াই ৩০ মিনিটৰ পিচত ধুব।

পৰিচৰ্যা:

উফি থকা চুলি –

১) নেমুৰ বাকলি পিহি লগত নাৰিকল তেল মিহলাই চুলিৰ গুৰিত ৩০ মিনিট লগাওক।

২) আপেলৰ ৰস চুলিৰ গুৰিত লগাই ধুব।

৩) মিথি পেষ্ট, দৈ, ছালকুঁৱৰীৰ ৰস, ভিনেগাৰ, জবা পাত মিহলাই পেক বনাই সপ্তাহত তিনিবাৰকৈ লগাব, উফি নাইকিয়া হ’ব।

Leave A Reply