Breaking

বন্ধাকবি আৰু আমাৰ স্বাস্থ্যৰ মাজৰ সম্পৰ্ক জানক…

0 163

বন্ধাকবি আৰু আমাৰ স্বাস্থ্য –

বন্ধাকবিৰ সাংঘাতিকভাৱে চাফা আৰু জাৰণ (roducing) গুণৰ বাবে বিখ্যাত। ইয়াত বহু পৰিমাণে ছালফাৰ, ক্ল’ৰিন আৰু আয়’ডিন থাকে। ছালফাৰ আৰু ক্ল’ৰিন লগ লাগি পাকস্থলী আৰু অন্ত্ৰৰ মিউকাছ আৱৰণখন চাফা কৰি ৰাখে। অৱশ্যে কেঁচা বন্ধাকবি অথবা ইয়াৰ ৰ’ল নিমখ নিমিহলাকৈ খালেহে এই গুণ ৰক্ষা পৰে। অতিমাত্ৰা বন্ধাকবি বা ইয়াৰ ৰস খাদ্যত বেছি মাত্ৰা হ’ব নালাগে। খুব বেছি খালে থাইৰয়ড হৰম’নৰ বিসংগতি ঘটাই গলগণ্ড (goitre) ৰোগ কৰিব পাৰে।

শৌচ কচা হ’লে: বন্ধাকবিৰ হজম নোহোৱা অংশই অন্ত্ৰৰ ভিতৰ অংশ উদ্বেলিত কৰি পেট চাফা কৰাত সহায় কৰে। পেট চাফা কৰাত কেঁচা বন্ধাকবি এসাঁজ খালে খুব সহায় কৰে। কোনো বিৰুপ ফল নোহোৱাকৈ ই ততালিকে কাম কৰে। অৱশ্যে ইয়াত কম পৰিমাণে নিমখ, জালুক গুড়ি আৰু নেমু ৰস দিব পাৰি।

পেটৰ ভিতৰত ঘা লাগিলে: ডুঅ’ডেনামত ঘা লাগিলে বন্ধাকবিয়ে আশ্চৰ্যজনক ফল দেখুৱায়। বন্ধাকবিৰ ৰসৰ এই সুফলৰ কথা ষ্টানফ’ৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক গাৰ্নাৰ চেনিয়ে (এমডি) প্ৰায় পঞ্চাছ বছৰ আগতে প্ৰমাণ কৰিছে। তেওঁ বহুকেইজন পেটৰ ভিতৰত (ডুঅ’ডেনামত) ঘা লগা ৰোগীক বন্ধাকবিৰ ৰস সেৱন কৰাই আৰোগ্য কৰিছে।

ৰসত ভিটামিন-ইউ থকা বাবে এই কাম সম্ভৱ হৈছে। ৰান্ধিলে এইবিধ ভিটামিন নষ্ট হয়। প্ৰায় ৯০ ৰ পৰ ১৮০ গ্ৰাম সতেজ কৰিব ৰস দিনটোত আহাৰ খোৱাৰ মাজৰ সময়ত তিনিবাৰমান খাব লাগে। ইয়াক সোৱাদ কৰিবৰ বাবে চাটনি শাকৰ ৰস, আনাৰসৰ ৰস, বিলাহী ৰস অথবা অপল নেমুৰ্ ৰস মিহলাই ল’ব পাৰি।

Leave A Reply