Breaking

পবিত্ৰ ৰমজান মাহত কি কি কৰিব আৰু কি কি নকৰিব, জানি লওক…

0 42

পবিত্ৰ ৰমজান মাহ আৰম্ভ হ’বলৈ আৰু কেইটামান দিন। মুছলমান সম্প্ৰদায়ৰ জনসাধাৰণৰ বাবে ৰমজান মাহটো অতি গুৰুত্বপূৰ্ণ। ৰমজানত ৰোজা পালন কৰা হয়। ৰমজান মাহটো অতি পবিত্ৰ বুলি গণ্য কৰা হয়। গোটেই ৰমজান মাহত ৰোজা ৰখাৰ পিছত ঈদ পালন কৰা হয়। ৰমজান মাহত সৰ্বাধিক সময় আল্লাহৰ প্ৰাৰ্থনাত ব্যয় কৰা হয়। লগতে ভাল কাম কৰা হয়। লগতে ইছলামৰ মতে সকলো প্ৰাপ্তবয়স্ক লোকৰ বাবে (গৰ্ভৱতী মহিলা আৰু ৰোগীৰ বাহিৰে) ৰমজান মাহত ৰোজা ৰখাটো অতি প্ৰয়োজনীয়। এনে কৰিলে ব্যক্তিজনৰ পাপ ক্ষমা হয়। এইবাৰ ভাৰতত ১১ মাৰ্চ সোমবাৰৰ পৰা আৰম্ভ হ’ব ৰমজান। ১০ এপ্ৰিল বুধবাৰে ৰমজানৰ অন্ত পৰিব। ইয়াৰ পিছত ঈদ উদযাপন কৰা হ’ব। ৰমজান মাহত কি কৰিব আৰু কি কৰিব নালাগে জানো আহক-


ৰমজান মাহত দৈনিক ৫ বাৰ নামাজ পঢ়া হয়।


ৰোজা ৰখাসকলে পবিত্ৰ ৰমজান মাহত দৰিদ্ৰ আৰু আৰ্তজনক যিমান পাৰে সহায় কৰিব লাগে।


ৰোজা ৰখাসকলে সূৰ্যাস্তৰ পিছত আজানৰ আগত একো খাব বা পান কৰিব নালাগে।


উপবাসৰ সময়ত ধূমপান নকৰিব। এনে কৰিলে ৰোজা ভাঙি যায়।


পবিত্ৰ ৰমজান মাহত মনলৈ বেয়া চিন্তা নানিব। নতুবা কাৰো কথা বেয়াকৈ নাভাবিব। কাৰো লগত কাজিয়া বা তৰ্ক নকৰিব।

Leave A Reply