Breaking

প্ৰচণ্ড গৰমত ডাবৰ পানী স্বাস্থ্যৰ বাবে কিয় উপকাৰী জানক…

0 59

ডাবৰ পানী স্বাস্থ্যৰ বাবে কিয় উপকাৰী-

ডাবৰ পানী পটাছিয়াম, ছ’ডিয়াম, মেগনেছিয়াম, কেলচিয়াম আৰু ফছফৰাছ আদিৰে সমৃদ্ধ। ইয়াৰ ভিতৰত পটাছিয়ামৰ মাত্ৰা খুব বেছি। পটাছিয়াম দেহৰ বাবে এটা অতি আৱশ্যকীয় খনিজ দ্ৰব্য। আন এটা আৱশ্যকীয় সামগ্ৰী হৈছে মেগনেছিয়াম। আমাৰ খাদ্যত যথেষ্ট পৰিমাণে মেগনেছিয়াম নাথাকে বাবে বেছিভাগ মানুহৰ দেহত ইয়াৰ অভাৱ ঘটে। ডাবৰ পানীত যথেষ্ট পৰিমাণে এণ্টি-অক্সিডেণ্ট থাকে, যি আমাৰ শৰীৰত হৈ থকা বিভিন্ন ক্ষতিবোৰ প্ৰতিৰোধ কৰে। ইয়াত চাইটোকিনিন নামৰ এবিধ পদাৰ্থ থাকে, যি কৰ্কট ৰোগৰ কোষসমূহৰ বৃদ্ধি আৰু বাৰ্ধক্যজনিত প্ৰক্ৰিয়া মন্থৰ কৰে। ডাবৰ পানীত কম পৰিমাণৰ ছ’ডিয়াম (নিমখ) আৰু চেনি থকা বাবে ই শৰীৰৰ বাবে বিশেষ পুষ্টিকৰ।

ডাবৰ পানীৰ বিভিন্ন ব্যৱহাৰসমূহঃ

  • ডাবৰ পানীয়ে শৰীৰত পানীৰ পৰিমাণ সঠিক কৰি ৰাখে। ইয়াত থকা ছ’ডিয়াম, পটাছিয়াম আদি ইলেক্ট্ৰ’লাইটসমূহে ডিহাইড্ৰেচন ৰোধ কৰাত বিশেষ সহায় কৰে। গতিকে খুব গৰম দিনত ডাবৰ পানী খালে শৰীৰত ডিহাইড্ৰেচন হোৱাৰ পৰা হাত সাৰিব পাৰি। তাপমাত্ৰা বৃদ্ধিৰ বাবে শৰীৰৰ পৰা হ্ৰাস হোৱা পানীৰ পৰিমাণ (ডিহাইড্ৰেচন) সঠিক ৰখাৰ উপৰি বাৰে বাৰে পাতল শৌচ হোৱা, বমি হোৱা আৰু খুব বেছিকৈ ঘমা আদি স্থিতিত য’ত শৰীৰৰ পানীৰ পৰিমাণ দ্ৰুত গতিত হ্ৰাস পায়। ডাবৰ পানী পান কৰিলে সুফল পোৱা যায়। কিন্তু জটিল স্থিতিত চিকিৎসালয়ত চিকিৎসা লোৱাৰ একান্ত প্ৰয়োজন।
  • আজিকালি খেলুৱৈসকলৰ মাজত স্প’ৰ্ট ড্ৰিংকছ হিচাপে ডাবৰ পানীৰ চাহিদা খুব বৃদ্ধি পাইছে। ডাবৰ পানীত থকা ইলেক্ট্ৰ’লাইটসমূহে বিশেষকৈ পটাছিয়ামে খেলুৱৈসকলৰ ডিহাইড্ৰেচন প্ৰতিৰোধ কৰে। বজাৰত উপলব্ধ আন আন দামী স্প’ৰ্ট ড্ৰিংকছৰ তুলনাত ডাবৰ পানীত চেনিৰ পৰিমাণ কম থাকে বাবে ই খেলুৱৈসকলৰ মাজত বিশেষ সমাদৃত।

  • উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত ডাবৰ পানী বিশেষ উপযোগী। ইয়াত থকা খুব বেছি পৰিমাণৰ পটাছিয়াম আৰু কম পৰিমাণৰ ছ’ডিয়ামে উচ্চ ৰক্তচাপ হ্ৰাস কৰে বুলি প্ৰমাণিত হৈছে। উচ্চ ৰক্তচাপ হ্ৰাস কৰিবৰ বাবে দৈনিক দুকাপকৈ ডাবৰ পানী খোৱা প্ৰয়োজন।
  • যিহেতু ডাবৰ পানীত কেলৰিৰ পৰিমাণ খুব কম, সেইবাবে ই দেহৰ ওজন হ্ৰাস কৰাৰ বাবে এটা আদৰ্শ পানীয়। এবাৰত এগিলাচকৈ সপ্তাহত তিনি-চাৰিবাৰ খালেই যথেষ্ট।
  • অত্যধিক সুৰাপান কৰাৰ পাছত দেখা দিয়া মূৰ কামোৰণি আদি উপসৰ্গৰ (হেং অ’ভাৰ) বাবে ডাবৰ পানী এটা উৎকৃষ্ট প্ৰতিকাৰ। সুৰাপানৰ প্ৰভাৱত হোৱা ডিহাইড্ৰেচন ডাবৰ পানীয়ে দূৰ কৰে। তদুপৰি ইয়াত থকা বিভিন্ন এণ্টি-অক্সিডেণ্টসমূহে সুৰাপানে কৰা শৰীৰৰ বিভিন্ন ক্ষতিবোৰ প্ৰতিৰোধ কৰে।
  • নিয়মিত ডাবৰ পানী সেৱন কৰিলে শৰীৰত কলেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড আৰু এল ডি এলৰ মাত্ৰা হ্ৰাস কৰে বুলি কোৱা হৈছে। অৱশ্যে এই বিষয়ে অধিক গৱেষণাৰ প্ৰয়োজন আছে।
  • ডাবৰ পানী এটা খুব বিশুদ্ধ পানীয়। খুব জৰুৰী আপদকালীন স্থিতিত ডাবৰ পানী শৰীৰৰ সিৰাত ছেলাইনৰ দৰে ব্যৱহাৰ কৰিব পাৰি। দ্বিতীয় মহাযুদ্ধৰ সময়ত যেতিয়া ছেলাইনৰ খুব নাটনি হৈছিল, সেই সময়ত ডাবৰ পানী ছেলাইনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হৈছিল। আফ্ৰিকা মহাদেশৰ কিছুমান খুব দুখীয়া দেশত এতিয়াও এই ধৰণৰ ব্যৱহাৰ আছে।
  • ডাবৰ পানীয়ে ছালৰ শালমন বা ব্ৰন ৰোগ (একনি) দূৰ কৰাত সহায় কৰে। ডাবৰ পানীয়ে ছালৰ আৰ্দ্ৰতা বৃদ্ধি কৰি ছালৰ উজ্জ্বলতা আনে। বহুতো প্ৰসাধন সামগ্ৰীত আজিকালি নাৰিকল ব্যৱহাৰ কৰা হয়।

ডাবৰ পানীৰ বিষয়ে কেইটামান মন কৰিবলগীয়া কথাঃ

  • ডাবৰ পানী আজিকালি টেট্ৰাপেকত ফলৰ ৰসৰ দৰে কিনিবলৈ পোৱা যায়। কিন্তু সতেজ সেউজীয়া ডাবৰ পানী শৰীৰৰ বাবে বিশেষ পুষ্টিকৰ। শুকান বা বুঢ়া নাৰিকলত এনে পুষ্টিকৰ পদাৰ্থবোৰৰ অভাৱ ঘটে।
  • সতেজ ডাব কাটি লগে লগে নলী বা ষ্ট্ৰ’ ব্যৱহাৰ কৰি পান কৰিব। আগতে কাটি থোৱা ডাবৰ পানী ব্যৱহাৰ নকৰিব।
  • অধিক মাত্ৰাত ডাবৰ পানী শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
  • উচ্চ ৰক্তচাপ থকা ব্যক্তিসকলে ডাবৰ পানী ব্যৱহাৰ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
  • বৃক্ক আৰু হৃদৰোগত আক্ৰান্ত হোৱা ব্যক্তিসকলে ডাবৰ পানী ব্যৱহাৰ কৰাৰ আগতে চিকিৎসকৰ লগত আলোচনা কৰি ল’ব লাগে।
  • কোনো ব্যক্তিৰ অস্ত্ৰোপচাৰ হ’ব লগা থাকিলে দুসপ্তাহ আগৰ পৰা ডাবৰ পানী খোৱা বন্ধ কৰিব লাগে।
Leave A Reply