Kohinoor Diamond: ভাৰতক কহিনুৰ হীৰা ঘূৰাই দিব লিজা নণ্ডীয়ে

ভাৰতক কহিনুৰ হীৰা ঘূৰাই দিয়াৰ কথা কলে(Kohinoor Diamond) ব্ৰিটিছ মন্ত্ৰীয়ে৷ সাংস্কৃতিক শিল্পকৰ্মসমূহৰ ভাগ-বতৰা প্ৰৱেশৰ সন্দৰ্ভত সহযোগিতা আগবঢ়াবলৈ যুক্তৰাজ্যই ভাৰতৰ সৈতে আলোচনাত মিলিত হৈছে বুলি দেশখনৰ সংস্কৃতি, সংবাদ মাধ্যম আৰু ক্ৰীড়াৰ ৰাজ্যিক সচিব লিজা নণ্ডীয়ে কয়৷ ১০৮ কেৰেটৰ কোহিনুৰ ৰত্ন ১৮৪৯ চনত মহাৰাজা দুলীপ সিঙে ৰাণী ভিক্টোৰিয়াক প্ৰদান কৰিছিল। ১৯৩৭ চনত ৰাণী মাতৃয়ে মুকুটত পিন্ধিছিল।নণ্ডীয়ে কয় যে, “আমি বহু দিনৰ পৰা ব্ৰিটেইন আৰু ভাৰতৰ মাজত কথা পাতি আছো ৷ আমি ভাবো যে আমি বহুত বেছি ঘনিষ্ঠভাৱে একেলগে সহযোগিতা কৰিব পাৰো যাতে ব্ৰিটেইন আৰু ভাৰত উভয়ৰে লোকসকলেবহু দিনৰে পৰাই উদ্ভৱ হোৱা বহুতো সাংস্কৃতিক শিল্পকৰ্ম ঘূৰাই দি উপকৃত হ’ব পাৰে ৷

“তেখেতে লগতে কয় যে, “আমাৰ বিজ্ঞান সংগ্ৰহালয় গোটে ইয়াত ৰাষ্ট্ৰীয় সংগ্ৰহালয় বিজ্ঞান সংগ্ৰহালয় গোটৰ সৈতে কাম কৰি যৌথ সহযোগিতা, যৌথ প্ৰদৰ্শনী, ভাৰত আৰু ব্ৰিটেইনৰ মানুহে যাতে সঁচাকৈয়ে তাৰ পৰা লাভৱান হ’ব পাৰে তাৰ বাবে কাম কৰি আহিছে। আমি ভাবো যে সেইটোৱেই হৈছে আমি আন সকলো সৃষ্টিশীল উদ্যোগতো কেনেকৈ বহুত বেছি ঘনিষ্ঠভাৱে সহযোগিতা কৰিব পাৰো তাৰেই আৰ্হি,” তেওঁ লগতে কয়।উল্লেখ্য কহিনুৰ হীৰা ঐতিহাসিক প্ৰমাণৰ মতে অন্ধ্ৰপ্ৰদেশৰ গোলকুণ্ডাত ইয়াৰ প্ৰথম উল্লেখ পোৱা যায়। তেতিয়া অৱশ্যে ইয়াৰ নাম কহিনুৰ নাছিল। দিল্লীত গিয়াছুদ্দিন টোগলক শ্বাহে ৰাজত্ব কৰাৰ সময়ত তেওঁৰ পুত্ৰ উলুঘ খানে দাক্ষিণাত্য অভিযান চলায় আৰু বহু মূল্যৱান মণি-মুকুতাৰ লগতে এই হীৰাখণ্ডও লুট কৰি লৈ যায়। তাৰ পাছৰ পৰা এই হীৰা দিল্লীৰ শাসকৰ সম্পত্তিত পৰিণত হয় আৰু ১৫২৬ চনত বাবৰে দিল্লীত মোগল সাম্ৰাজ্যৰ শাসন কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ পাছত কহিনুৰ বাবৰৰ হাতলৈ আহে। বাবৰে ইয়াৰ মূল্য নিৰ্ধাৰণ কৰিছিল-সমগ্ৰ পৃথিৱীৰ মানুহক দুদিন খুৱাব পৰা পৰিমাণৰ ধন। মোগল সম্ৰাট ছাহজাহানে তেওঁৰ ময়ূৰ সিংহাসনত এই হীৰাখণ্ড লগাই লৈছিল।

১৭৩৯ চনত নাদিৰ শ্বাহে ভাৰত আক্ৰমণ কৰে আৰু বহু ধন-সম্পত্তিৰ লগতে কহিনুৰ হীৰাসহ ময়ূৰ সিংহাসনখনো পাৰস্যলৈ লৈ যায়। দৰাচলতে ১৭৩৯ চনৰ পৰাহে এই হীৰাৰ নাম কহিনুৰ বুলি জনাজাত হৈ আহিছে। ১৭৪৭ চনত নাদিৰ শ্বাহৰ মৃত্যুৰ পাছত কহিনুৰ হীৰা আফগানিস্তানৰ আহমেদ শ্বাহ আব্দালিৰ হাতলৈ আহে। ১৮৩০ চনত আফগানিস্তানৰ ভগনীয়া ৰজা শ্বাহ চুজাই পলাই আহিবৰ সময়ত এই হীৰাও লৈ আহে আৰু সহায়ৰ বিনিময়ত কহিনুৰ পঞ্জাবৰ ৰজা ৰঞ্জিত সিঙৰ হাতত অৰ্পণ কৰে। ১৮৪৯ চনত পঞ্জাব ইংৰাজৰ অধীনলৈ যায় আৰু এই হীৰাও ইংৰাজৰ দৃষ্টিলৈ আহে। ১৮৫১ চনত ৰঞ্জিত সিংহৰ উত্তৰাধিকাৰী দিলীপ সিঙে ব্ৰিটিছ ভাইচৰয় লৰ্ড ডেলহাউছিৰ প্ৰস্তাৱ মৰ্মে এই হীৰা আনুষ্ঠানিকভাৱে মহাৰাণী ভিক্টোৰিয়াৰ হাতত অৰ্পণ কৰে। ১৯৩৬ চনত এই হীৰাক ইংলেণ্ডৰ ৰাণীৰ মুকুটত সুশোভিত কৰা হয় আৰু ৰাণী এলিজাবেথে (পাছত ৰাণী মাতৃ নামেৰে পৰিচিত) সেই মুকুট পৰিধান কৰে।

Related Articles