Koka Deuta Nati Aru Hati -2: প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ বেনাৰত নিৰ্মাণ কৰা ককা দেউতা নাতি আৰু হাতী ২ চলচ্চিত্ৰখনৰ FIRST LOOK প্ৰদৰ্শন

প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টে ঘোষণা কৰিলে (Koka Deuta Nati Aru Hati -2) আহিবলগীয়া নতুন চিনেমা -ককা দেউতা নাতি আৰু হাতী ২। ২০২৫চনৰ ২১ নবেম্বৰত মুক্তি পাব ছবিখনে।

সময়ে গৰকা এটি কাহিনীয়ে লাভ কৰিব এক নতুন গতি, এক নতুন ৰূপ। “ককা দেউতা নাতি আৰু হাতী”
এনে এটা কাহিনী, যি এটা সম্পূৰ্ণ প্রজন্মৰ শৈশৱক দিছিল এক নষ্টালজিক সময়। অনুভৱৰ বুকুত গঢ় লৈ
উঠা সেই চিনেমাখনৰ কাহিনীৰ পাছত…এক নতুন কাহিনীৰ সৃষ্টি হৈছে… এই প্ৰজন্মৰ বাবে এক স্মৃতিৰ
পাত লিখা। Pride East Entertainments Pvt.Ltd.-ৰ এক বিশেষ প্রচেষ্টা এয়া – ককা দেউতা নাতি আৰু
হাতী ২।


প্রাইড ইষ্ট-ৰ চেয়াৰপাৰ্চন তথা মেনেজিং ডাইৰেক্টৰ, ৰিণিকি ভূঞা শর্মাই আগবঢ়াইছে ককা দেউতা
নাতি আৰু হাতীৰ দ্বিতীয় অধ্যায়, পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক বিশ্বজিৎ বৰাই। ককা
দেউতা নাতি আৰু হাতীৰ কালজয়ী কাহিনীটোৰ দৰে এই কাহিনীটোৱেও অসমৰ সাংস্কৃতিক জগতত এক
বিপ্লৱৰ সূচনা কৰিব বুলি অনুমান কৰা হৈছে।


ককা দেউতা নাতি আৰু হাতী ২ত ৮০ৰ দশকৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ অসমীয়া চিনেমাৰ কিংবদন্তী
আৰু নতুন প্রজন্মৰ তাৰকাসকলক একেখন পর্দাত একেলগে দেখা পোৱা যাব। প্রাঞ্জল শইকীয়া, তপন
দাস, আদিল হুছেইন, যতীন বৰা, উৎপল দাস, প্ৰস্তুতি পৰাশৰ, প্ৰীতি কংকণা, পংকজ মহন্ত, সিদ্ধান্ত
কলিতা, শ্রেয়া বৰঠাকুৰ আৰু দেৱজিত মজুমদাৰে অভিনয় কৰিছে ককা দেউতা নাতি আৰু হাতী ২ত।
ভাস্কৰ হাজৰিকাৰ কাহিনীটোৱে অতীত আৰু বৰ্তমানক অতি আকর্ষণীয়ভাৱে সংযোগ কৰিছে। প্ৰদীপ
দৈমাৰীৰ চিত্ৰনাট্য আৰু শ্বেতা ভেঙ্কটৰ সম্পাদনাই ইয়াক প্রাঞ্জল ৰূপ প্ৰদান কৰিছে।


অমৃত প্রীতম আৰু দেৱজিৎ চাংমাইৰ শব্দ পৰিকল্পনাই চলচ্চিত্ৰখনক সংগীতৰ অনন্য মাত্ৰা প্রদান কৰিছে
আৱহ সংগীত অজয় সিংহৰ।


অসমৰ সংগীত জগতৰ বহুকেইটা চিনাকী কণ্ঠ শুনা পাব চিনেমাখনৰ সংগীতত: দ্বীপেন বৰুৱা, তৰালি শৰ্মা, জয়, এৰিকা এন, অৰূপজ্যোতি বৰুৱা, নাহিদ আফ্ৰিন, আৰু প্রবীন বৰা। নৃত্য পৰিচালনা কৰিছে শেৰিফ আৰু পংকজ ইংতিৰ আৰু এক্সন পৰিচালক ৰাজেশ কন্নানৰ। ইয়াত সমন্বয় হৈছে প্রযুক্তি আৰু সৃষ্টিশীলতাৰ।


“ককা দেউতা নাতি আৰু হাতী ২” ২১ নবেম্বৰ ২০২৫ত অসমীয়া ভাষাত মুক্তি পাব, দৈর্ঘ্য হ’ব ২ ঘণ্টা ৩০
মিনিট। এই চিনেমাখন অসমীয়া চিনেমাৰ ইতিহাসৰ এক বিশেষ চিনেমা হিচাপে স্বীকৃত হ’ব।

Related Articles