Koliyabar News: ডি এছ গ্লবেল ফাৰ্ম এণ্ড ত্ৰেডাৰ্চত ব্লেক বেঙ্গল, আছাম হিল গ’ট, বাৰবাৰী, চিৰহিৰ লগতে চাউথ আফ্ৰিকান ব’য়েৰ গ’টৰ প্ৰজাতিৰ ছাগলী

কলিয়াবৰৰ দেৱজিত (Koliyabar News) শৰ্মাৰ ডি এছ গ্লবেল ফাৰ্ম এণ্ড ত্ৰেডাৰ্চ। উন্নত জাতৰ ব্লেক বেঙ্গল, আছাম হিল গ’ট, বাৰবাৰী, চিৰহিৰ লগতে চাউথ আফ্ৰিকান ব’য়েৰ গ’টৰ প্ৰজাতিৰে ছাগলী প্ৰজনন পাম খুলি থলুৱা ছাগলী পালকৰ বাবে কৰিছে প্ৰশিক্ষণৰ ব্যৱস্থা।

২০০০ চনৰ পৰাই শৰ্মাই ছাগলী পালন আৰম্ভ কৰিছিল। স্নাতকোত্তৰ ডিগ্ৰী লৈ কৰ্মসূত্ৰে দিল্লীৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত আছিল তেওঁ। যিহেতু পশুপালনৰ প্ৰতি সৰুৰে পৰা দেৱজিতৰ আগ্ৰহ আছিল, সেয়ে বিভিন্ন ঠাইৰ ছাগলীৰ পামবোৰ পৰিদৰ্শন কৰিছিল। সেই ঠাইবিলাকত সুন্দৰভাৱে ছাগলী পালন কৰা দেখি দেৱজিতেও তেনে এখন পাম খোলাৰ বিষয়ে চিন্তা-চৰ্চা কৰিলে।

অসমত ছাগলী পালনৰ বাবে উন্নত জাতৰ ছাগলী ব্লেক বেঙ্গল, আছাম হিল গ’টৰ জৰিয়তে প্ৰথমে দেৱজিতে ব্যৱসায় আৰম্ভ কৰিছিল। পিছলৈ এই চিন্তাত নতুন সংযোজন ঘটাই আন উন্নত জাতৰ ছাগলী আনে।
ছাগলী পালনৰ ক্ষেত্ৰত চৰকাৰী বহু আঁচনি আছে। কিন্তু দেৱজিত শৰ্মাই এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী সহায় নোহোৱাকৈয়ে নিজা প্ৰচেষ্টাৰে পামখন আগবঢ়াই নিছে।

শৰ্মাই কয় – ছাগলী পালন দেখাত সহজ হ’লেও, তাতো জানিবলগীয়া বহু কথা থাকে। এইবোৰ জানি-বুজিহে কৰিলে লাভত আহে। যিবোৰ প্ৰশিক্ষণৰ জৰিয়তে ময়ো আয়ত্ব কৰিছোঁ। মথুৰাত থকা কেন্দ্ৰীয় ছাগলী গৱেষণা প্ৰতিষ্ঠান (Central Institute of Research on Goat)ত নিজাববীয়াকৈ প্ৰশিক্ষণ লৈছোঁ। বৰ্ণিহাটলেও গৈছোঁ আন চৰকাৰী প্ৰশিক্ষণো গ্ৰহণ কৰিছোঁ। ভাৰতৰ বিভিন্ন ঠাইৰ ছাগলী পামবিলাকো পৰিদৰ্শন কৰি ব্যৱহাৰিক প্ৰশিক্ষণ ল’বলৈও সক্ষম হৈছোঁ। ইয়াৰ পৰা লাভ কৰা অভিজ্ঞতাই মোৰ পামখন পৰিচালনাত যথেষ্ট সহায় কৰিছে।

শৰ্মাই নতুন বছৰৰ বাবে পৰিকল্পনাৰ বিষয়ে কয় – ২০২৬ বৰ্ষৰ পৰা মোৰ এই ছাগলী পামতে প্ৰশিক্ষণ আৰম্ভ কৰিম। চৰকাৰৰ লগতো যোগাযোগ কৰা হৈছে। এই প্ৰশিক্ষণত অভিজ্ঞ সমল ব্যক্তি, পশু চিকিৎসকো থাকিব। সাধাৰণতে প্ৰশিক্ষণবোৰ তাত্বিক দিশৰ হয়। কিন্তু ইয়াতে তাত্বিকৰ লগতে ব্যৱহাৰিকো হ’ব। প্ৰশিক্ষাৰ্থীসকলে নিজেই তাত্বিক লগতে ব্যৱহাৰিক দিশত অভিজ্ঞতা ল’ব পাৰিব। প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব পাৰিব। ইয়াৰ উপৰি, অসমৰ বাহিৰৰো প্ৰশিক্ষাৰ্থী মোৰ ইয়ালৈ শিক্ষামূলক পৰিদৰ্শন (Exposure Visit)ৰ বাবে আহি থাকে। ইয়াত আহি তেওঁলোকে ছাগলীৰ জাত, খাদ্য প্ৰণালী, থকা-মেলা বা প্ৰৱন্ধন বিষয়ত প্ৰশিক্ষণ লৈ যায়হি।

Related Articles