কলিয়াবৰত চিলনী চোৰৰ সন্ত্ৰাস। (Koliyabor News)
মহিলাৰ ডিঙিৰ পৰা কাঢ়িলে সোণৰ চেইন।
কলিয়াবৰৰ আৰক্ষী নিৱেশৰ পৰা নাতিদূৰৰ কুঁৱৰীটোলত সংঘটিত হয় ঘটনাটো।
টেম্পোত জখলাবন্ধাৰ পৰা ঘৰলৈ আহি থকা প্ৰভা বৰুৱা নামৰ মহিলাগৰাকীৰ ডিঙিৰ পৰা টানি লৈ যায় সোণৰ চেইনডাল।
দুই বাইকত অহা চিলনী চোৰে মহিলাগৰাকীৰ চেইন লৈ যোৱাৰ পিছতে কুঁৱৰীটোলত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়।
কলিয়াবৰ আৰক্ষীয়ৈ ইতিমধ্যে অভিযান আৰম্ভ কৰিছে যদিও কাকো কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

