আজি শিলঘাটত অশোকাষ্টমীৰ পবিত্ৰ স্থান। কলিয়াবৰৰ লুইতৰ পাৰত শিলঘাট অশোকাষ্টমী মেলা। অশোকাষ্টমীৰ দিনটোত হাজাৰ-হাজাৰ দৰ্শনাৰ্থী সমাগম ঘটে কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ ঘাটত। ব্ৰহ্মপুত্ৰত পবিত্ৰ স্নান কৰাৰ উদ্দেশ্য ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিছে শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত।
প্ৰবাদ মতে, চ’ত মাহৰ শুক্লাষ্টমীৰ দিনটোত পবিত্ৰ গংগা নৈ ব্ৰহ্মপুত্ৰ বুকুৱেদি উজাই বয় আৰু এই পবিত্ৰ জলধাৰাত স্নান কৰিলে পাপ খণ্ডন হয়। এই জনবিশ্বাস মতে, এই দিনটোত ব্ৰহ্মপুত্ৰত গংগা স্নান কৰাৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ-হাজাৰ লোকৰ সমাগম ঘটে শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ ঘাটত।
অসমৰ দ্বিতীয় শক্তিপীঠ কামাখ্যা দেৱালয়ত অনুষ্ঠিত সপ্তমী বাসন্তী পূজাৰ পৰৱৰ্তী অষ্টমীৰ দিনটোৰে পৰা শিলঘাটৰ কামাখ্যা দেৱালৰ পাদদেশত ব্ৰহ্মপুত্ৰৰ পাৰত সপ্তাহ জোৰাকৈ অনুষ্ঠিত হৈছে বিশাল অশোকাষ্টমী মেলা।

