Koliyabor News: কলিয়াবৰত ৰাজপথত অসহায় তেজপুৰৰ শম্ভু দাস

পত্নী আৰু দুই বিবাহিতি জীয়ৰী থকাৰ পিছতো শম্ভু দাসক নিজ পত্নীয়েই ঘৰৰ পৰা উলিয়াই পঠিয়াইছে। এই বক্তব্য নিজ ঘৰৰ পৰা বিস্তাৰিত শম্ভু দাসৰ। এক অসহনীয় ঘটনা।(Koliyabor News)


দেওবাৰে বিয়লি কলিয়াবৰত উদ্ধাৰ হ’ল এগৰাকী প্ৰায় ষাঠী বছৰীয়া বৃদ্ধ। কলিয়াবৰৰ ন-সত্ৰৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ দাঁতিত বহি থকা লোকজনক নিজ ঘৰৰ পৰা বিচাৰত কৰি এনেদৰে এৰি থৈ গৈছে। শাৰীৰিকভাৱে অসুস্থ যেন লগা মানুহজন মানসিকভাৱেও অপ্ৰস্তুত হৈ পৰিছে। কাৰণ মানুহজনক ঘৰৰ পৰা উলিয়াই পঠিয়াইছে স্বয়ং পত্নীয়ে। মানুহজনে স্থানীয় লোক আৰু আৰক্ষীক কোৱা কথা পৰা জনা মতে – এই দুৰ্ভগীয়া লোকজনৰ নাম শম্ভু দাস। ঘৰ তেজপুৰ ধনুৱা নগৰত। ৰং মিস্ত্ৰিৰ কাম কৰা শম্ভু দাস বয়স হৈ অহাৰ লগে-লগে আগৰ দৰে কাম কৰিব নোৱাৰা হ’ল। নিজা ঘৰ বুলিবলৈ নাছিল। দীৰ্ঘদিন ধৰি আনৰ ঘৰত থকা শম্ভু দাসে দুই জীয়ৰীক বিয়া দিলে। আগৰ দৰে কাম কৰিব নোৱাৰা হোৱাৰ পিছত আজি পত্নীয়ে আন মানুহৰ হতুৱাই এখন গাড়ীত তুলি আনি কলিয়াবৰৰ ন-সত্ৰৰ ৭১৫ নং ৰাষ্ট্ৰীয় পথৰ কাষত কেইটামান কাপোৰৰ সৈতে পেলাই থৈ গুচি যায়। পিন্ধি আছিল বস্তা। ন-সত্ৰৰ মানৱ দৰদী কেইজনমান লোকে মানুহজনক তেনে অৱস্থাত দেখা পাই পিন্ধিবলৈ কিছু কাপোৰ আৰু খাবলৈ আহাৰ দি কলিয়াবৰ প্ৰেছ ক্লাবৰ সাংবাদিক গৌতম বৰাক খবৰ দিয়ে। সাংবাদিক গৰাকীয়ে মহকুমা আৰক্ষী বিষয়া শ‍্যমন্ত শৰ্মাক যোগাযোগ কৰাৰ পাছতেই কলিয়াবৰ আৰক্ষী থানাৰ এগৰাকী মহিলা আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ লোকজনক উদ্ধাৰ কৰি চিকিৎসাৰ ব‍্যৱস্থা কৰি পুনৰ ঘৰলৈ পঠোৱাৰ ব‍্যৱস্থা কৰিবৰ বাবে লৈ যায়।


জীৱনৰ বিয়লি বেলা স্বামী-স্ত্ৰীয়ে ইজনে-সিজনৰ সহায় হৈ দিনবোৰ একেলগে বুজা-বুজিৰে পাৰ কৰা অলেখ উদাহৰণ আছে। নিজ সন্তানৰ অৱহেলাৰ পাত্ৰ হৈও একমাত্ৰ উভয়ে উভয়ৰ বাবে সাহস হৈ, সহায় হৈ জীয়াই থাকে। জীৱনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰে। কিন্তু কেৱল পত্নী-সন্তান সুখৰ কাৰণে জীৱনৰ অধিকাংশ সময় কষ্ট-শ্ৰমৰ মাজতে আৱদ্ধ হৈ পত্নী-সন্তানৰ সুখকেই নিজ সুখ বুলি ভাবে, অথচ নিজ পত্নী-সন্তানৰে অৱহেলাত পাত্ৰ হয়; জীৱনটো আন্ধাৰ হৈ পৰে, জীৱনৰ প্ৰতি মোহ হেৰাই যায়, মৌনতাৰ বাহিৰে আন একো উত্তৰ নাথাকে।

Related Articles