Breaking

তামুলপুৰৰ হাউলীখুটিত গাঁও উন্নয়ন সমিতিৰ দ্বাৰা কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

0 1,621

তামুলপুৰ জিলাৰ হাউলীখুটিত হাউলীখুটি গাঁও উন্নয়ন সমিতিৰ উদ্যোগত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

অৱসৰী শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী টেক বাহাদুৰ ছেত্ৰীয়ে আত ধৰা সম্বৰ্ধনা অনুষ্ঠানত সদ্য ঘোষিত উচ্চ, উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ২১ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোছা, মানপত্ৰ, বহী আৰু কলমেৰে সম্বৰ্ধনা জনায়।

এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক কামেশ্বৰ দাস, অসম গোৰ্খা সন্মিলন বাক্সা জিলা সমিতিৰ প্ৰাক্তন সভাপতি উপেন থাপা, প্ৰকৃতি প্ৰেমী তথা বিশিষ্ট সমাজকৰ্মী তিলক বাহাদুৰ খড়কা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কুমাৰীকাটা আঞ্চলিক সমিতিৰ সভাপতি ৰাজু তামাঙ, লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply