Breaking

কৃতী শিক্ষক বীৰেশ্বৰ কলিতাৰ স্মৃতি ৰোমন্থন

0 2,130

ছিপাঝাৰৰ পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত বানেইকুছি মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক তথা প্ৰয়াত বীৰেশ্বৰ কলিতাৰ স্মৃতি ৰোমন্থন আৰু বীৰেশ্বৰ কলিতা সোঁৱৰণী কৃতী শিক্ষক বঁটা প্ৰদান অনুষ্ঠাখনি সম্পন্ন হৈ যায় । প্ৰয়াত কলিতাৰ প্ৰথম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি সম্পন্ন হোৱা অনুষ্ঠানটিত সঞ্চালনা কৰে বৰমপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি , অৱসৰপ্ৰাপ্ত শিক্ষক চম্পাৰাম চহৰীয়াই ।

প্ৰয়াত কলিতাৰ বানেইকুছিস্থিত নিজা গৃহত সম্পন্ন হোৱা অনুষ্ঠানত ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা ছিপাঝাৰ সাহিত্য সভাৰ সভাপতি শশীধৰ নাথে প্ৰয়াত কলিতাৰ ছাত্ৰ জীৱনৰ লগতে শিক্ষা আৰু সামাজিক জীৱনৰ বিস্তৃত ব্যাখ্যা আগবঢ়ায় । পুৱাৰ ভাগত প্ৰয়াত কলিতাৰ প্ৰতিচ্ছবিত সহধৰ্মিনী মাইকন কলিতাই বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা অনুষ্ঠানত কলিতা অকল শিক্ষকেই নহয় এগৰাকী আদৰ্শ কৃষক হিচাপেও পৰিচিত আছিল বুলি শিক্ষকতা জীৱনৰ সহপাঠী , ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক শুভাৰাম হাজৰিকাই কয় ।

বৰমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কন্ঠিৰাম ডেকাই শিক্ষকতা জীৱনৰ স্মৃতি ৰোমন্থন কৰি ষাঠি দশকতে স্বেচ্ছাসেৱী অনুষ্ঠানৰ প্ৰতিস্থাপক কলিতা এগৰাকী সমাজ গঠনৰ পথ প্ৰদৰ্শক বুলি কয় । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক , অৱসৰপ্ৰাপ্ত শিক্ষক অনন্ত ৰাম ডেকা , দৰং জিলা কলিতা সন্মিলনীৰ সভাপতি খীতেশ্বৰ কলিতা প্ৰমুখ্যে কেইবা গৰাকী শিক্ষা সচেতন নাগৰিক উপস্থিত থকা বঁটা প্ৰদান অনুষ্ঠানত প্ৰয়াত কলিতাৰ ভাতৃ তথা দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক সতীশ চন্দ্ৰ কলিতাই আবেগিক কণ্ঠেৰে পৰিয়াল তথা জ্যেষ্ঠ ভাতৃৰ জীৱন সংগ্ৰামৰ বিস্তৃত ব্যাখ্যা আগবঢ়ায় । 

অৱসৰপ্ৰাপ্ত শিক্ষক লোহিত চন্দ্ৰ কলিতাই প্ৰয়াত কলিতা শিক্ষকৰ উপৰিও অবিভক্ত দৰং জিলা কলিতা সন্মিলনীৰ সম্পাদককে ধৰি শৈক্ষিক দিশৰ ওপৰত আলোকপাত কৰে । “ৰাজ্যিক বঁটা প্ৰাপ্ত কৃতী শিক্ষক বীৰেশ্বৰ কলিতা সোঁৱৰণী ন্যাস”ৰ সম্পাদক তথা এগৰাকী সাংস্কৃতিক সংগঠক ধীৰাজ কুমাৰ কলিতাই আঁত ধৰা অনুষ্ঠানত দৰঙৰ দলগাঁওস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট)ৰ জ্যেষ্ঠ প্ৰবক্তা তথা জ্যেষ্ঠ  পুত্ৰ দেবেন্দ্র কুমাৰ কলিতাই পিতৃ তথা পৰিয়ালৰ জীৱন পৰিকমাৰ বিষয়ে চমু বক্তব্য আগবঢ়ায় । সভাৰ অন্তত বুঢ়াখাট প্ৰাথমিক বিদ্যালয়ৰ কৃতী প্ৰধান শিক্ষক বনমালী নাথক গ্ৰন্থৰ টোপোলা , শৰাই আৰু স্মাৰক সম্বলিত প্ৰশংসা পত্ৰ শীৰ্ষক ‘কৃতী শিক্ষক বঁটা’ প্ৰদান কৰা হয় । সভাত বঁটা প্ৰাপক বনমালী নাথে বঁটা গ্ৰহণ কৰি নিজৰ অনুভৱ আৰু অনুভূতি প্ৰকাশ কৰি ন্যাস সমিতিৰ এনে কাৰ্যত অভিভুত হয়।  


পূৰ্ণানন্দ শৰ্মা , ছিপাঝাৰ ।

Leave A Reply