Breaking

ভলুকাবাৰীৰ জে কে মেমোৰিয়েল একাডেমীৰ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা…

0 21

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভলুকাবাৰীস্থিত জে কে মেমোৰিয়েল একাডেমীৰ পৰা সুক্ষ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক আজি বিদ্যালয় তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। ছমৰীয়া সমষ্টিৰ ভলুকাবাৰীস্থিত জে কে মেমোৰিয়েল একাডেমীয়ে ১০০ শতাংশ উত্তীৰ্ণ হোৱাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা-শিক্ষাৰ্থীয়ে আনন্দত উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছিল৷ ৷উল্লেখ্য যে একাডেমী খনৰ এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩৯ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈ ২৫ জনে প্ৰথম বিভাগত আৰু ১৪ জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে৷ উল্লেখনীয় যে ইয়াৰে অহেদ আলীয়ে চাৰিটা বিষয়ত লেটাৰ নম্বৰসহ ৮২.১৭ শতাংশ, জিয়াৰুল হকে পাঁচটা বিষয়ত লেটাৰসহ ৮২ শতাংশ, আব্দুল মান্নানে চাৰিটা বিষয়ত লেটাৰ নম্বৰসহ ৮০.৬৭ শতাংশ, জাকিয়া চুলতানায় তিনিটা

বিষয় লেটাৰসহ ৭৯.৩৩ শতাংশ, ৰাহুল আমিনে চাৰিটা বিষয়ত লেটাৰসহ ৭৮ শতাংশ, আলমতাজ নুৰীয়ে এটা বিষয়ত লেটাৰ নম্বৰসহ ৭৫ শতাংশ আৰু মিজানুৰ ৰহমানে ৭৫.১৭ শতাংশ নম্বৰ লাভ কৰি সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে৷ সেই উদ্দেশ্য বিদ্যালয়খনত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি শিক্ষাৰ্থীসকল উৎসাহিত কৰাৰ উদ্দেশ্যৰে বিদ্যালয়খনৰ পৰিচালন সঞ্চালক আমজেদ আলী আহমেদৰ পৌৰহিত্যত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে৷ একাডেমীখনৰ অধ্যক্ষ আব্দুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়৷ একাডেমীখনৰ পৰা ষ্টাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা

শিক্ষাৰ্থীক গামোচা, জাপি আৰু মানপত্ৰ প্ৰদান কৰা হয়৷ ইয়াৰ উপৰিও প্ৰথম বিভাগ আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়৷ সম্বৰ্ধনা অনুষ্ঠানত ভলুকাবাৰী হাই স্কুলৰ প্ৰধান শিক্ষক মিজানুৰ ৰহমান, ছমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক সাহাবুদ্দিন, লুইতপৰীয়া শিশু বিকাশ পৰিষদৰ সভাপতি এম ছামচুল আলম, কাৰ্যকৰী সভাপতি আব্দুচ ছালাম, ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ শৈক্ষিক তত্বাৱধায়ক আব্দুৰ ৰহমান আজাদ, এফ এ আহমেদ মহাবিদ্যালয়ৰ প্ৰবক্তা স্বাহজাহান আলীকে ধৰি গন্য মান্য ব্যক্তিসকলে উপস্থিত থাকি শিক্ষাৰ্থীৰ উদ্দেশ্য ভাষণ আগবঢ়ায়৷ সভাৰ শেষত ফটকা ফুটাই ভেন্ড পাৰ্টিৰ সহযোগত এখন সমদল উলিয়াই শিক্ষক শিক্ষাৰ্থীসকলে উৎসাহিত কৰা দেখা যায়৷

Leave A Reply