পুত্ৰ আৰু বোৱাৰীৰ হাতত অত্যাচাৰৰ বলি হোৱা ভাই, বোৱাৰীক উদ্ধাৰ কৰিবলৈ যোৱাত নিজ খুৰায়েকক নাৰী নিৰ্যাতনৰ অভিযুক্ত সজালে ভতিজা শ্বহিদুল ইছলাম।ভতিজাৰ বেৰোণীয়া বাহিনীৰ আক্ৰমণত খুৰা ময়নুল হকে মৃত্যুৰ সৈতে যুজিছে জি এম চি এইছ’ত।
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ মহিমাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।উল্লেখ যে মহিমাৰী গাঁৱৰ আব্দুল মজিদৰ কুলাংগাৰ পুত্ৰ শ্বহিদুল ইছলামৰ সৈতে দীৰ্ঘদিনৰ পৰা চলি আছে পাৰিবাৰিক কন্দল।পুত্ৰ আৰু বোৱাৰীৰ হাতত একাধিক বাৰ অত্যাচাৰৰ সন্মুখীন হৈ আহিছে আব্দুল মজিত আৰু তেওঁৰ পত্নী।শুক্ৰবাৰে পুত্ৰ শ্বহিদুল ইছলাম আৰু তেওঁৰ পত্নীয়ে মিলি বৃদ্ধ পিতৃ- মাতৃৰ ওপৰত চলাই অকত্য নিৰ্যাতন।
শ্বহিদুল ইছলামৰ পিতৃ-মাতৃৰ চিঞৰ-বাখৰৰ শব্দ শুনি ঘটনাস্হলীত উপস্থিত হয় ওচৰ চুবুৰীয়াৰ লগতে শ্বহিদুল ইছলামৰ খুৰায়েক শিক্ষক ময়নুল হক। পিছত শ্বহিদুল ইছলাম আৰু তেওঁৰ পত্নীয়ে মিলি খুৰায়েক ময়নুল হকৰ বিৰুদ্ধে তেওঁৰ পত্নীৰ শালিনতা হানি কৰাৰ অভিযোগ তুলি আৰক্ষীত এজাহাৰ দাখিল কৰে।
ইফালে শ্বহিদুল ইছলামৰ পত্নীয়ে আৰক্ষীত শিক্ষক ময়নুল হকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছত ময়নুল হকে গৰৈমাৰীৰ পৰা ঘৰমুৱা হওতে শ্বহিদুলৰ সৈতে তেওঁৰ ভেৰোণীয়া বাহিনীয়ে বাটত আগুছি ধৰি পুনৰ আক্ৰমণ কৰি গুৰুতৰবাবে আহত কৰে ময়নুল হকক। সম্প্ৰতি শিক্ষক ময়নুল হকে মৃত্যুৰ সৈতে যুজঁ দি আছে জি এম ছি এইছ’ত।

