Breaking

তেজপুৰৰ বিশিষ্ট লিখক তথা সমাজকৰ্মী কুলেন্দ্ৰ মোহন দাসৰ কালি নিশা বিয়োগ ঘটে…

0 72

তেজপুৰৰ বিশিষ্ট লিখক তথা সমাজকৰ্মী কুলেন্দ্ৰ মোহন দাসৰ কালি নিশা বিয়োগ ঘটে । কুলেন্দ্ৰ মোহন দাসৰ মৃত্যত ডিপোটা মিলনপুৰ অঞ্চলত শোকৰ ছা পৰে । ১৯৫৯ চনৰ ৫ জানুৱাৰীত ডিপোটা বামুন চুবুৰিত জন্ম গ্ৰহণ কৰা কুলেন্দ্ৰ মোহন দাসে প্ৰাথমিক শিক্ষা ডিপোটা মজলীয়া বিদ্যালয় , হাইস্কুলৰ শিক্ষা বিহগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত , উচ্চ শিক্ষা দৰংমহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত সাং কৰি অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগত চাকৰি যোগদান কৰে ।

দাস দেৱে কলেজত পঢ়ি থকা দিনৰে পৰা অভিনয় , নাট্য চৰ্চা , নৃত্যনাটিকা লিখাৰ লগতে বহুকেইখন স্মৃতিগ্ৰন্থ সম্পাদনা কৰা লগত ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস মহোৎসৱৰ হীৰক-জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ বৃন্দাবন সুন্দৰ ভাবে সম্পাদনা কৰিছিল । মিলনবাকৰি ৰাসত বহুবাৰ শংখচূড় ভাওৰ লগতে বিভিন্ন ভাওত অংশ গ্ৰহণ কৰি সমাদৰ লাভ কৰিছিল ।

তেও ডিপোটা হাইস্কুল আৰু মিলনপুৰ শংকৰদেৱ শিশু নিকেতনৰ সম্পাদকৰ দৰে গুৰুত্বপুৰ্ণ দায়িত্ব গ্ৰহণ কৰা লগতে ডিপোটা কেন্দ্ৰীয় নাট্যমন্দিৰৰ সাহিত্য বিভাগৰ সম্পাদকৰ পদতো কৰিছিল। বিভিন্ন সময়ত তেও বহু কেইটা বটা লাভ কৰিবলৈ সক্ষম হয়।বহুদিনধৰি জটিল ৰোগত আক্ৰন্ত হৈ কালি নিশা পৰলোক প্ৰাপ্তি ঘটে । আজি পুৱা দাসৰ মৃতদেহ ডিপোটা বামুন চুবুৰিৰ নিজা বাসগৃহ পোৱাৰ পিছত মিলনবাকৰি ৰাস সমিতি, ডিপোটা কেন্দ্ৰীয় নাট্যমন্দিৰ, শংকৰদেৱ শিশু নিকেতন, উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত ডিপোটা বামুন চুবুৰিৰ নৱনিৰ্মিত ৰাজহুৱা শ্মশান তেখেতৰ শেষকৃতৰ জৰিয়তে শুভাৰাম্ভ কৰা হয় । তেখেতে মৃত্যৰ সময়ত পত্নী , পুত্ৰ কন্যাক এৰি যায় ।

Leave A Reply