জয়সাগৰ গাঁও নিবাসী কৃতি শিক্ষকৰূপে পৰিচিত কুমাৰ নৃপেন্দ্ৰ হালৈৰ দেহাৱসান…

কৃতি শিক্ষকৰূপে পৰিচিত জয়সাগৰ গাঁও নিবাসী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক,চৰকাৰী শিল্পী পেঞ্চন প্ৰাপক ,অনাতাঁৰ শিল্পী তথা ওজাশিল্পী হিচাপে সমগ্ৰ অসমতে পৰিচিত কুমাৰ নৃপেন্দ্ৰ হালৈৰ যোৱা নিশা দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা শিল্পীগৰাকীয়ে অসমৰ বিভিন্ন প্ৰান্তত ওজাপালি পৰিবেশন কৰি সমাদৃত হ’বলৈ সক্ষম হৈছিল।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা শিল্পী পেঞ্চন পাবলৈ সক্ষম হোৱা শিল্পীগৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে।


Related Articles