নকছাৰি এৰাগাঁৱত দিহানাম প্ৰতিযোগিতাৰ লগতে মহিলাসকলৰ দ্বাৰা ‘কুৰু সন্ধ্যা’ ভাওনা প্রদর্শন

নকছাৰি ন আলি এৰাগাঁও মহিলা সমিতিৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত কালি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ তম জন্মোৎসৱ ভাগী পালন কৰা লগতে ইয়াৰ লগত সঙ্গতি ৰাখি ন আলি এৰাগাঁও অৰোণোদয় মহিলা সমিতিৰ বিষয় ববীয়া আৰু সদস্যা সকলে অৰোণোদয় প্ৰেক্ষাগৃহত এভাগী ভাওনা ‘কুৰু সন্ধ্যা ‘ মঞ্চস্থ কৰে। পুৱা অনুষ্ঠিত দিহানাম প্ৰতিযোগিতা মুঠ ১৫ টা দলে অংশগ্ৰহণ কৰে।বনাই হৰিপ্রিয়া দলে প্রথম ,তৰাতলি লিকচন গাঁও দিহানাম দলে দ্বিতীয় আৰু চুঙীলাহিং বনমালী শিল্পী দিহানাম দলে তৃতীয় স্থান দঘল কৰিবলৈ সক্ষম হয়। শ্রেষ্টা নামতি বনাই হৰিপ্রিয়া দলৰ পুবালি বৰা আৰু একে দলৰ মানস বৰাক শ্রেষ্ট নেগেৰা বাদক ৰূপে বিবেচনা কৰা হয়।

বিজয়ী সকলক নগদ ধন আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়। নিশা। ৮ বজাত ‘কুৰু সন্ধ্যা’ ভাওনা প্রদর্শন কৰা হয়।উদ্বোধনী অনুষ্ঠানটোৰ আঁত ধৰে দিপ্তী হাজৰিকাই।

Related Articles