বৰাক ভেলীত চৰকাৰী ফলকত অসমীয়া ভাষা ছপা বিৰ্তকৰ প্ৰতিক্ৰিয়া মাৰনৌযাওতেই এইবাৰ প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ মোনা ছপা বঙালী ভাষা ছপা কৰি বিতৰণ কৰা দেখা অসম চকাৰক । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফটো সম্বলিত মোনাটোত ছপা আছে বঙালী ভাষা । ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সদৌ অসম ছাত্ৰ সন্হাৰ কুশতলি আঞ্চলিক সমিতিৰ কৰ্ম কৰ্তাই মৰিগাঁও জিলা লাহৰীঘাটৰ কুশতলি সমবায় সমিতিত বিতৰণ কৰা মোনাত বঙালী ভাষাত ছপা প্ৰত্যক্ষ কৰে আৰু মোনাবোৰ বিতৰণ বাধা দি জব্দ কৰে । এনদৰে প্ৰধান মন্ত্ৰী গৰীব অন্ন যোজনাৰ মোনাত অসমীয়া ভাষাৰ সলনি বঙালী বৰ্ণ ছপা কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা লগতে অসম চৰকাৰক সমালোচনা কৰে ।

