যোৱা ২৪ মে’ত শ্ৰীমন্ত শঙ্কৰদেৱে আন্তৰ্জাতিক(Labhita Drama)প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰা হয় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাটক লভিতা। সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত প্ৰদৰ্শন কৰা এই নাটকখন আৰম্ভ হোৱাৰ পূৰ্বে মঞ্চ উদ্বোধন কৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কন্যা জ্ঞানশ্ৰী পাঠক আৰু সত্যশ্ৰী দাসে। শিল্পীগৰাকীৰ দুয়োগৰাকী কন্যাই মঞ্চ উদ্বোধন কৰি দেশপ্ৰেম নাটকে সমাজৰ জাতীয় চেতনা জাগ্ৰত কৰে বুলি মন্তব্য কৰে। সন্ধিয়া ৬:৩০ বজাত বন্তি প্ৰজ্বলন কৰে ভাস্কৰ্য শিল্পী বীৰেণ সিংহ, ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰী, গায়িকা নমিতা ভটাচাৰ্য্য, অভিনেতা উপকূল বৰদলৈ আৰু ND24ৰ অধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক কিশোৰ বৰাই। বিগত সময়ত এই নাটকখন কেইবাবাৰো মঞ্চস্থ হৈছে যদিও এইবাৰ আছিল ব্যতিক্ৰম। এনে বৃহৎ আৰু অভিজাত প্ৰযোজনা ইয়াৰ পূৰ্বে কাহানিও হোৱা নাই।এইক্ষেএত পৰিচালক অনুপজ্যোতি চৌধুৰীৰ নাম বিশেষভাৱে উল্লেখযোগ্য।
ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ কালজয়ী অমৰ সৃষ্টি ‘লভিতা’ নাটকখন হৈছে বিয়াল্লিছৰ গণ-বিপ্লৱ আৰু অসমৰ ওপৰেৰে পাৰহৈ যোৱা দ্বিতীয় মহাসমৰৰ ঢৌৱে অসমৰ গ্ৰাম্য সামাজিক জীৱনক কেনেধৰণে প্ৰভাৱান্বিত কৰিছিল তাৰেই এক বাস্তবিক চিত্রায়ণ । তদানীন্তন অসমীয়া সমাজৰ ডেকা-ডেকেৰীৰ দেশপ্রেম, চৰিত্ৰবল আৰু মানসিক দৃঢ়তাক লভিতা নামৰ এগৰাকী সাধাৰণ গাঁৱলীয়া ছোৱালীৰ মাধ্যমেৰে উপস্থাপনৰ যোগেৰে সেই সময়ৰ অসমৰ সমাজ জীৱনৰ এক হুবহু চিত্ৰ দাঙি ধৰাৰ উপৰি বিয়াল্লিছৰ বিপ্লব আৰু দ্বিতীয় মহাসমৰৰ ঘটনাৱলীৰ মাজেৰে অসমীয়া জাতীয় চৰিত্ৰৰ এক বাস্তবিক বিশ্লেষণ নাটকখনত দাঙি ধৰা হৈছে। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত অসমৰ সাধাৰণ ৰাইজৰ ত্যাগ আৰু বীৰত্বৰ নিদর্শন, বিশেষকৈ অসমীয়া মহিলাৰ দৃঢ়তা আৰু সংগ্রামী চেতনাৰ প্রতিফলনে লভিতা নাটকখনক এক একক আৰু অনন্য মাত্রা প্রদান কৰিছে । ND24 আৰু অগ্রগামিনীৰ যুটীয়া প্রচেষ্টাত এই লভিতা নাটকখনৰ মঞ্চায়নৰ যোগেৰে সমগ্ৰ অসমীয়া নাৰী সমাজৰ প্রতি শ্রদ্ধা নিবেদন কৰা হয়। অভিনয়ৰ পৰা আৰম্ভ কৰি কলা নিৰ্দেশনা, পৰিচালনা , সংগীত চয়ন , আলোকসম্পাত , সাজপাৰ, ৰূপসজ্জা আদি আছিল অতি উন্নতমানৰ। দুঘণ্টাৰ অধিক সময় দৰ্শক মন্ত্ৰমুগ্ধ হৈ আছিল। নিখুঁত অভিনয়েৰে প্ৰতিগৰাকী অভিনেতা – অভিনেত্ৰীয়ে দৰ্শকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।এই ক্ষেত্ৰত আগভাগ লোৱা প্ৰদীপ পূজাৰীৰ লগতে কবিতা বৰাৰ পদক্ষেপ সঁচাকৈয়ে প্ৰসশনীয় । নাটখনৰ সামগ্ৰিক পৰিকল্পনা প্ৰদীপ পূজাৰী আৰু কবিতা বৰাৰ।
এই নাটকখনৰ মুখ্য ভূমিকাত অভিনয় কৰে ইতি ফুকনে। তদুপৰি নীলা শইকীয়া,অংকিতা মহন্ত,সংগীতা দুৱৰি গায়ন,অংকিতা বৰুৱা,মাম্পী শৰ্মা, চিমি দাস,কস্তুৰীমা বৰদলৈ,প্ৰণামী হাজৰিকা,হিমাক্ষী চাৰিঙীয়া,বৰ্ণালী বড়ো,ছুনামী দাস,প্রীতি বৰকাকতি,গীতাঞ্জলি গগৈ,এলিনা বড়ো,দেৱীকা শইকীয়া,দুলুমণি গোহাঁই,জ্যোতিমা বড়ো,নিকিতা ৰাভা, ইছেম আলম,প্ৰদীপ বৰা,মিন্টু ভৱেশ,কমল কৃষ্ণ ঠাকুৰীয়া,তীর্থ কুমাৰ নাথ, বীৰেন হাজৰিকা,দেৱজিত মজুমদাৰ,অমিতাভ ৰাজখোৱা,মণ্টু গগৈ,ময়ূখ শৰ্মা,ইয়াকুব আলী,জয়ন্ত কুমাৰ বৈশ্য,বিজিত কুমাৰ দাস,ডিম্পল সঞ্জীৱন কাশ্যপ,কাশ্যপ নাথ,মৃন্ময় বৰা,অৰূপ মজুমদাৰ,ইন্দ্ৰজিৎ বৰা,পাৰ্থ ডেকা,অঞ্জল দাস,তুষাৰজত বৰা,হিমজ্যোতি পাটগিৰি,বিদ্যুৎ দত্ত,শ্ৰীমন্ত নাথ, প্ৰসেনজিত বৰুৱা, সৌৰভ বৈশ্য,প্ৰথম কলিতা,শিশুশিল্পী জীয়ানাশী ৰয়ৰ অভিনয়ে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হয়।
নাটকখনৰ ব্যৱস্থাপনা, পৰিচালক অনুপজ্যোতি চৌধুৰী,সহঃ পৰিচালনা/ ভিডিঅ সম্পাদনা বিকাশ মোছাহাৰী,সংগীত চয়ন ৰক্তৎপল দিকু ভৰদ্বাজ,লাইটিং:কৌশিক বৰবৰা, সাজপাৰ গীতাৰাণী গোস্বামী, ৰূপসজ্জা অছিতাভ বৰুৱা আৰু কণ্ঠ শিল্পী আছিল অংগৰিকা আয়ুশী বৰাৰ। অগ্রগামিনী হৈছে সমাজৰ বিভিন্ন স্তৰৰ পৰা অহা মহিলাসকলৰ এক চৰকাৰী পঞ্জীয়নভুক্ত সামাজিক-সাংস্কৃতিক সংগঠন। সমাজৰ বিভিন্ন স্তবৰ লোকৰ বিশেষকৈ মহিলাসকলৰ সামাজিক-সাংস্কৃতিক তথা সমাজত আত্মনিয়োগ কৰি সকলোকে একলগে আগুৱাই লৈ যোৱাৰ লক্ষৰে অগ্রগামিনী জন্মলগ্নৰে পৰা ব্রতী হৈ আহিছে। জন্মৰেপৰা এতিয়ালৈকে প্রায় ১০ বছৰ কাল সময়ে সময়ে মহাপুৰুষ গুৰু দুজনাৰ অনন্য অনুপম সৃষ্টি অংকীয়া ভাওনাকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচী আয়োজন কৰি আহিছে ।