Breaking

সুৰংগৰ ভিতৰত আবদ্ধ শ্ৰমিক, বাহিৰত বৰফ পৰাৰ আশংকা…

0 74

উত্তৰকাশী সুৰংগ দুৰ্ঘটনাত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰৰ বাবে এই অভিযানৰ আজি ১৫ দিন। এফালে ড্ৰিলিং মেচিনত সমস্যা আৰু আনফালে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰাখণ্ডৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। সোমবাৰে প্ৰবল বৰষুণ আৰু তুষাৰপাতৰ সতৰ্কবাণী প্ৰদান কৰিছে বিভাগটোৱে, যাৰ বাবে উদ্ধাৰ অভিযানত আৰু অধিক অসুবিধাৰ সন্মুখীন হ’ব পাৰে।

আনহাতে অগাৰ মেচিনৰ ব্লেড ধ্বংসাৱশেষত আবদ্ধ হৈ পৰাৰ বাবে কামত ব্যাঘাত জন্মোৱাৰ পিছত অন্যান্য বিকল্পৰ কথা চিন্তা কৰা হৈছে।

শনিবাৰৰ পৰা বিষয়াসকলে দুটা বিকল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ মতে ইতিমধ্যে যি পাইপত হাতেৰে ড্ৰিলিং কৰিব লাগে তাত সঁজুলি সুমুৱাই দিয়া হৈছে, যিটো আঁতৰোৱা হৈছে।

এই শ্ৰমিকসকল ওলাই আহিলেই তেওঁলোকক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হ’ব য’ত ৪১খন বিচনা সংৰক্ষণ কৰা হৈছে। উদ্ধাৰ স্থানত ইতিমধ্যে সাজু হৈছে ৪১খন এম্বুলেন্স।


Leave A Reply