LACHIT-1: উত্তৰ পূৱৰ প্ৰথমটো উপগ্ৰহ লাচিত-১ স্থাপন হ’ব মহাকাশত

মহাকাশ গৱেষণাৰ ক্ষেত্ৰত এক নতুন আৰু ঐতিহাসিক অধ্যায় ৰচনা কৰিবলৈ সাজু হৈছে উত্তৰ-পূব ভাৰত। অঞ্চলটোৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ নেতৃত্বত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো উপগ্ৰহ ‘লাচিত-১’ আজি অৰ্থাৎ আজি দিনা উৎক্ষেপণ হ’ব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো-ই অন্ধ্ৰ প্ৰদেশৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা এই উপগ্ৰহটো পি এছ এল ভি–চি ৬২ ৰকেটৰ জৰিয়তে মহাকাশলৈ প্ৰেৰণ কৰিব। ‘লাচিত-১’ নামকৰণৰ আঁৰত অসমৰ গৌৰৱোজ্জ্বল ইতিহাস জড়িত হৈ আছে। অসমীয়া জাতিৰ শৌৰ্য-বীৰ্য, সাহস আৰু দেশপ্ৰেমৰ প্ৰতীক, সপ্তদশ শতিকাত মোগল শক্তিৰ বিৰুদ্ধে যুঁজ দি ৰাজ্য ৰক্ষা কৰা আহোম সেনাপতি লাচিত বৰফুকনৰ স্মৃতিতেই এই উপগ্ৰহটোৰ নামকৰণ কৰা হৈছে। ‘লাচিত-১’ কেৱল এটা প্ৰযুক্তিগত সাফল্য নহয়; ই উত্তৰ-পূব ভাৰতৰ ইতিহাস, পৰিচয় আৰু গৌৰৱৰ প্ৰতীক হিচাপেও বিবেচিত হ’ব। অসম ডন বস্কো বিশ্ববিদ্যালয়ে নিজা পুঁজিৰে এই উপগ্ৰহটো নিৰ্মাণ কৰিছে। গুৱাহাটীৰ সমীপৱৰ্তী টাপেচিয়া কেম্পাছত স্থাপন কৰা হৈছে এটা আধুনিক মিছন কণ্ট্ৰ’ল ৰুম, য’ৰ পৰা উপগ্ৰহটোৰ সকলো কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰা হ’ব। ধ্ৰুৱ স্পেচ কোম্পানীৰ ডি এছ ডি–ৱান ইউ পৃথকীকৰণ ব্যৱস্থা ব্যৱহাৰ কৰি কক্ষপথত ‘লাচিত-১’ নিয়োগ কৰা হ’ব বুলি জানিব পৰা গৈছে। হায়দৰাবাদস্থিত মহাকাশ প্ৰযুক্তি কোম্পানী ধ্ৰুৱ স্পেচৰ ‘প’লাৰ এক্সেছ–ৱান’ কাৰ্যসূচীৰ অধীনত এই উপগ্ৰহ প্ৰকল্পটো ৰূপায়ণ কৰা হৈছে। এই ঐতিহাসিক অভিযানৰ সৈতে উত্তৰ-পূব ভাৰতৰ পাঁচখন ৰাজ্য—অসম, মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ—৫০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক প্ৰত্যক্ষভাৱে জড়িত আছিল।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মতে, এই উপগ্ৰহ অভিযানে ছাত্ৰ-ছাত্ৰীসকলক বাস্তৱ মহাকাশ প্ৰকল্পত কাম কৰাৰ এক দুৰ্লভ সুযোগ প্ৰদান কৰিছে। এই অভিজ্ঞতাই আগন্তুক দিনত উত্তৰ-পূব ভাৰতৰ যুৱ প্ৰজন্মক মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি অধিক আগ্ৰহী আৰু অনুপ্ৰাণিত কৰিব। ‘লাচিত-১’ৰ উৎক্ষেপণৰ জৰিয়তে উত্তৰ-পূব ভাৰতে প্ৰথমবাৰৰ বাবে ভাৰতৰ মহাকাশ অভিযানত নিজস্ব উপস্থিতি দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এই পদক্ষেপ কেৱল এটা উপগ্ৰহ উৎক্ষেপণ নহয়, বৰঞ্চ আঞ্চলিক শিক্ষা, বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে ইতিহাসত স্মৰণীয় হৈ থাকিব।

Related Articles