Lachit Borphukan Police Academy: গোৱা আৰক্ষীত নিযুক্ত কনিষ্টবলক প্রশিক্ষণ প্রদানেৰে উজ্বলিল লাচিত বৰফুকন পুলিচ একাডেমী

দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ (Lachit Borphukan Police Academy) একাডেমীত প্রশিক্ষণ সমাপ্ত কৰা গোৱা আৰক্ষীত নিযুক্ত ৭০০ গৰাকী কনিষ্টবলৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গোৱাৰ মুখ্যমন্ত্ৰী ড° প্রমোদ সাৱন্তৰ সৈতে অংশগ্ৰহণ কৰে । এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড° শৰ্মাই ভৌগোলিকভাৱে অসম আৰু গোৱাৰ মাজত থকা যথেষ্ট দূৰত্বৰ কথা উল্লেখ কৰি কয় যে গোৱা চৰকাৰে লাচিত বৰফুকন পুলিচ একাডেমীত ৰাজ্যখনৰ আৰক্ষী কনিষ্টবলসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দুয়োখন ৰাজ্যক বহু ওচৰ চপাই আনিলে।

গোৱা আৰক্ষীত নিযুক্ত কনিষ্টবলসকলৰ প্ৰশিক্ষণৰ বাবে অসমক বাচনি কৰা কাৰ্যই দুয়োখন ৰাজ্যৰ মাজত থকা বিশ্বাস আৰু সহযোগিতাকে প্রতিফলিত কৰিছে বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে গোৱা আৰক্ষীৰ কনিষ্টবলসকলক তেওঁলোকৰ সফল প্ৰশিক্ষণ সমাপ্তিৰ বাবে অভিনন্দন জ্ঞাপন কৰে । তেওঁ কয় যে এতিয়াৰে পৰা গোৱা আৰক্ষীৰ কনিষ্টবলসকল দেশৰ সেৱাৰ বাবে প্ৰস্তুত হৈ উঠিছে আৰু নিজ ৰাজ্যত তেওঁলোকে জনসেৱাৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰিবলৈ সমৰ্থ হ’ব। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে চলিত বৰ্ষৰ ১৫ মাৰ্চত লাচিত বৰফুকন আৰক্ষী একাডেমীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই আৰক্ষী একাডেমীখনত অসম আৰক্ষীৰ ধাৰাবাহিক প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হৈ আহিছে। তদুপৰি চলিত বৰ্ষত মণিপুৰ আৰক্ষীত নিযুক্ত কনিষ্টবলকো প্রশিক্ষণ প্ৰদানৰ দায়িত্ব এই একাডেমীখনে সফলতাৰে বহন কৰিছে। অসম মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পুণ্য ভূমি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গোৱা আৰক্ষীত নিযুক্ত কনিষ্টবলসকলে প্ৰশিক্ষণৰ কালচোৱাত অসমৰ সভ্যতা আৰু সংস্কৃতিৰ সৈতে পৰিচয় হোৱাৰো সুযোগ লাভ কৰিছে।

তেনেদৰে এই প্ৰশিক্ষণকালত অসম আৰক্ষীয়েও গোৱাৰ সংস্কৃতিৰ সৈতে পৰিচয় হোৱাৰ সুযোগ লাভ কৰিছে বুলি মন্তব্য কৰি তেওঁ উচ্চ আদৰ্শ বজাই ৰাখি দেশ তথা জনসাধাৰণৰ সেৱাৰ বাবে সকলো সময়তে তৎপৰ হৈ থাকিবলৈ প্ৰশিক্ষণ সমাপ্ত কৰা গোৱা আৰক্ষীৰ কনিষ্টবলসকলক আহ্বান জনায়। ভাষণত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে অসমৰ যথেষ্ট সংখ্যক যুৱক-যুৱতী বিভিন্ন কাৰণত গোৱাত বসবাস কৰে। ৰাজ্যৰ এনে যুৱক-যুৱতীসকলৰ যিকোনো সমস্যা তথা প্রয়োজনত সহায়ৰ হাত আগবঢ়াব বুলিও তেওঁ আশা প্রকাশ কৰে ৷
উল্লেখ্য যে, গোৱা আৰক্ষীত নিযুক্ত প্রথম, দ্বিতীয় আৰু তৃতীয় ইণ্ডিয়া ৰিজাৰ্ভ কনিষ্টবলৰ ৫৬৯ গৰাকী পুৰুষ আৰু ১৩১ গৰাকী মহিলা কনিষ্টবলে লাচিত বৰফুকন পুলিচ একাডেমীত বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

৪৩ সপ্তাহজোৰা এই প্ৰশিক্ষণৰ সময়চোৱাত তেওঁলোকক শাৰীৰিক আৰু মানসিক সামর্থ্য বৃদ্ধিৰ কঠোৰ প্ৰশিক্ষণৰ লগতে কৰ্মক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া কৌশল তথা অস্ত্রচালনায় প্রশিক্ষণো প্ৰদান কৰা হৈছে- আজিৰ এই দীক্ষান্ত সমাৰোহত গোৱাৰ মুখ্যমন্ত্রী ড° প্রমোদ সাৱম্ভেও ভাষণ প্ৰদান কৰি গোৱা আৰক্ষীৰ কনিষ্টবলসকলে লাচিত বৰফুকনৰ দৰে এগৰাকী মহাবীৰৰ নামেৰে নামাংকৃত একাডেমীখনত প্ৰশিক্ষণ লাভৰ সুযোগ পোৱাৰ বাবে তেওঁলোক সৌভাগ্যৱান বুলি মন্তব্য কৰে। অনুস্থানত আসম আৰক্ষীৰ জোৱানে মতৰ চাইকেল চালনাৰ দুঃসহসিক ক্ৰিয়া-কৌশল প্ৰদৰ্শণ কৰে। মঙ্গল বাৰে অনুষ্ঠিত এই দিক্ষান্ত সমাৰোহত কৃষি মন্ত্ৰী অতুল বৰা, বিত্ত মন্ত্ৰী অজন্তা নেওগ, দেৰগাঁৱৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, বিশ্বজিৎ ফুকনৰ উপৰিও অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰ্মীত সিং, গোৱা আৰক্ষীৰ সঞ্চালক প্ৰধান আলোক কুমাৰকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Related Articles