ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিৰ সেউজ সৃষ্টি নাটকক আৱাহন থিয়েটাৰত যিধৰনে বিকৃত ৰূপত প্ৰদৰ্শন কৰিলে তাক লৈ সমগ্ৰ অসমতে বিতৰ্কৰ সূচনা হৈছে ||
এই সন্দৰ্ভত শিৱসাগৰ জিলাৰ বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলাৰ জিলা সম্পাদক দায়িত্বত থকা অনুপম সন্দিকৈয়ে নিজৰ প্ৰতিক্ৰিয়া সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰি কয় যে,
অভিজিত ভট্টাচাৰ্য পৰিচালিত আৰু প্ৰস্তোতি পৰাশৰ অভিনিত তথা ৰূপকৱৰৰ অমৰ সৃষ্টি এই লভিতাক বিকৃত ৰূপত শিৱসাগৰ জিলাত মঞ্চস্থ কৰিলে প্ৰতিবাদত কৰা হ’ব ।
বিকৃত লভিতাক আৱাহন থিয়েটাৰত মঞ্চস্হ নকৰিবলৈ আহ্বান জনাই আৰু শিৱসাগৰত যদি মঞ্চস্হ কৰে থিয়েটাৰ পেণ্ডেলেতে প্ৰতিবাদ কৰাৰ হুমকি প্ৰদান কৰে । আৰু উক্ত নাটক খনৰ নামটো সলনি কৰিবলৈ দাবী জনায়।


