Lahore: লাহোৰত একেৰাহে ৩টা বিস্ফোৰণ, ভয়ত কম্পিত পাকিস্তান, মিছাইল আক্ৰমণৰ দাবী !

সমগ্ৰ লাহোৰত চাইৰেন বাজিছে আৰু বন্ধ কৰি দিয়া হৈছে লাহোৰ বিমানবন্দৰ। বিস্ফোৰণৰ পিছত লাহোৰত জৰুৰীকালীন ঘোষণাৰ খবৰ পোৱাৰ লগতে স্থানীয় ৰাইজৰ মাজত শংকাৰ পৰিৱেশৰ খবৰ পোৱা গৈছে।(Lahore)

লাহোৰৰ ৱাল্টন বিমান বন্দৰত মিছাইল আক্ৰমণ, গোপাল নগৰ, নাছিৰাবাদত ৩টা বিস্ফোৰণ বোমা বিস্ফোৰণত ধ্বংসস্তূপত পৰিণত কেইবাটাও বাসগৃহ।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতীয় সেনাৰ অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানত এক ভয়ৰ পৰিৱেশ। এই সন্দৰ্ভত বহু খবৰ পোহৰলৈ আহিছে। দাবী কৰা হৈছে যে পাকিস্তানৰ লাহোৰত এটাৰ পিছত এটাকৈ তিনিটা বিস্ফোৰণ সংঘটিত হৈছে। বৃহস্পতিবাৰে পুৱা বিস্ফোৰণৰ খবৰ ওলাইছে। স্থানীয় একাংশ সূত্ৰ আৰু ছ’চিয়েল মিডিয়া পোষ্টে ইয়াক মিছাইল আক্ৰমণ বুলি দাবী কৰিছে। ভাৰতৰ অপাৰেচন সিন্দুৰৰ কাৰ্যকলাপৰ পিছত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে এই ঘটনা সংঘটিত হৈছে। খবৰ অনুসৰি সমগ্ৰ লাহোৰত চাইৰেন বাজি আছে আৰু লাহোৰ বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছে।

এতিয়ালৈকে এই বিস্ফোৰণসমূহ পাকিস্তানী বিষয়া বা সেনাৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ বুলি নিশ্চিত হোৱা নাই। অৱশ্যে সংবাদ মাধ্যমৰ বাতৰিয়ে নিশ্চিতভাৱে কোৱা হৈছে যে অঞ্চলটোত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে আৰু সাধাৰণ মানুহক ওচৰলৈ অহাত বাধা দিয়া হৈছে। বিস্ফোৰণৰ পিছত লাহোৰত জৰুৰীকালীন ঘোষণাৰ খবৰ পোৱাৰ লগতে স্থানীয় ৰাইজৰ মাজত শংকাৰ পৰিৱেশৰ খবৰ পোৱা গৈছে।

ইয়াৰ পূৰ্বে ৭ মে’ত অপাৰেচন সিন্দুৰৰ জৰিয়তে ভাৰতে জয়ছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবা ঘাটিত বিমান আক্ৰমণ চলাইছিল। বাহাৱালপুৰৰ মাৰ্কাজ চুভান আল্লাহ আৰু মুৰিদকেৰ ওপৰতো আক্ৰমণ সংঘটিত হয়। পাকিস্তানে এই আক্ৰমণক যুদ্ধৰ কাৰ্য্য বুলি অভিহিত কৰি প্ৰতিশোধৰ ভাবুকি দিছিল। কিন্তু তেওঁ একো কৰিব নোৱাৰিলে কাৰণ ভাৰতীয় সেনাই সম্পূৰ্ণ সজাগতাৰে পাকিস্তানক উপযুক্ত উত্তৰ দি আছিল।

Related Articles