বৃদ্ধাশ্ৰমৰ আইতাসকলৰ কাষত মানৱদৰদী লাহৰীঘাট সমজিলা আয়ুক্তা শিল্পীকা কলিতা

বৃদ্ধাশ্ৰমৰ আইতাসকলৰ কাষত মানৱদৰদী লাহৰীঘাট সমজিলা আয়ুক্তা শিল্পীকা কলিতা। এগৰাকী মানৱদৰদী প্ৰশাসনিক বিষয়াৰ ভূমিকাই এতিয়া মন মুহিছে অজস্ৰ লোকৰ। সকলো দল সংগঠনৰ দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হোৱা প্ৰশাসনিক বিষয়া গৰাকী হ’ল লাহৰীঘাট সম জিলাৰ আয়ুক্তা শিল্পীকা কলিতা।


অফিচৰ কাম কাজৰ ব্যস্ততাৰ মাজতো সময় আজৰি সদায় সমাজৰ প্ৰতি দায়বদ্ধতাৰে দায়িত্ব পালন কৰা বিষয়া গৰাকীৰ এইদৰে বৃদ্ধাশ্ৰমত থকা আইতাসকলৰ মৰীচিকাৰ সপোনক হাঁহি বিৰিঙাবলৈ কৰা পদক্ষেপক সকলোৱে অন্তৰৰ পৰা হিয়া উজাৰি দিছে আৰ্শীবাদ। মৈৰাবাৰীস্থিত বয়োজ্যেষ্ঠ আশ্ৰমৰ আৱাসী সকলৰ মাজত মত বিনিময় কৰাৰ লগতে বিভিন্ন ধৰণৰ ফলমূল আদিও বিতৰণ কৰা দেখা যায়।

জীৱনৰ বিয়লি বেলাত স্মৃতিৰ পাত লুটিয়াই এৰি অহা দিনৰ স্মৃতি বোৰে বৃদ্ধাশ্ৰমত থকা বৃদ্ধ লোক সকলৰ কিমান যে বেদনাদায়ক, তাকে যেন বাৰুকৈ উপলব্ধি আৰু বুজিব পাৰিছে লাহৰীঘাট সম জিলাৰ আয়ুক্তা শিল্পীকা
কলিতাই ।

Related Articles