লাহোৱাল সমষ্টি বিলুপ্তকৰণৰ বিৰুদ্ধে অনশন

সমষ্টি বিলুপ্তকৰণৰ বিৰুদ্ধে লাহোৱালত প্ৰতিবাদ অব্যাহত।

খিলঞ্জীয়াৰ আধিপত্য থকা লাহোৱাল সমষ্টিক নিৰ্বাচন আয়োগে বিলুপ্তকৰণৰ বাবে লোৱা সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত ঘোঁৰামৰা তিনিআলিত ৫ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন।

ইতিমধ্যে গুৱাহাটীত অনুষ্ঠিত শুনানিত বৃহত্তৰ লাহোৱালৰ ৰাইজে নিৰ্বাচন আয়োগৰ ওচৰত যুক্তি দৰ্শাইছিল।

অন্যহাতে নিৰ্বাচন আয়োগে লাহোৱাল সমষ্টি বিলুপ্তি ঘটাই হঠকাৰী সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন কৰে।

ইফালে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে আন্দোলনৰ কাৰ্যসূচী তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে।

Related Articles