খেল মহাৰণত লখিমপুৰ-ধেমাজি জিলা দলৰ অগ্ৰগতি…

কাৰ্বি আংলং জিলাৰ  ডিফুস্থিত কাৰ্বি আংলং ক্ৰীড়া সংস্থাৰ খেলপথাৰ অনুষ্ঠিত হৈ থকা খেল মহাৰণ ১৯ বছৰ অনুৰ্ধ্ব ছোৱালী ফুটবল প্ৰতিযোগিতাত লখিমপুৰ আৰু ধেমাজি জিলা দলে অগ্ৰগতি লাভ কৰিছে ৷ আজি পুৱাৰ ভাগত অনুষ্ঠিত হোৱা এখন খেলত লখিমপুৰ জিলা ছোৱালী ফুটবল দলে মৰিগাঁও জিলা ছোৱালী  ফুটবল দলক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি  অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ লখিমপুৰ জিলা দলৰ হৈ অইচেং পেগু আৰু সন্ধ্যা উপাধ্যায়ে গ’ল দুটা দিবলৈ সক্ষম হয় ৷

লখিমপুৰ জিলা দলটো ১৫-১৭ বছৰীয়া খেলুৱৈৰে গঠিত আৰু প্ৰায়কেইগৰাকী খেলুৱৈ লখিমপুৰ ছাইৰ খেলুৱৈ ৷ দলটো যথেষ্ট অভিজ্ঞতাৰ পৰিপুষ্ট ৷ আজি অনুষ্ঠিত হোৱা আন এখন খেলত ধেমাজি জিলা দলে তুলনামূলকভাৱে দুৰ্বল মানকাচাৰৰ দক্ষিণ শালমৰা দলক ৫-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি অগ্ৰগতি লাভ কৰিছে ৷ ধেমাজি জিলা দলৰ হৈ লখিমপুৰ ছাইৰ নিৰ্ভৰযোগ্য লেফ্ট উইংগাৰ অষ্টমী বড়োৱে ২ গ’ল, ষ্ট্ৰাইকাৰ জয়ন্তী চৰেণে ২ গ’ল আৰু গোগামুখ স্পৰ্ট একাডেমীৰ অভিজ্ঞ ৰাইট বেক্‌ মৰমী বড়োৱে ১ গ’ল দিবলৈ সক্ষম হয় ৷ উত্তেজনাহীন খেলখনত দক্ষিন শালমৰা দলে কোনো সময়তে গ’লৰ ধেমাজিৰ বিপক্ষে সুযোগ সৃষ্টি কৰিব নোৱাৰিলে ৷

Related Articles