আজি লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
পাঁচটাকৈ বিধানসভা সমষ্টিত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
পুৱা ১০ বজাত নাৰায়ণপুৰত মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিব জনসভা।
১১ বজাত বিহপুৰীয়াৰ জনসভাত অংশগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই।
বিহপুৰীয়াৰ প্ৰাৰ্থী ভূপেন বৰাৰ হৈ মুখ্যমন্ত্ৰীয়ে চলাব প্ৰচাৰ।
ৰঙানদীৰ ফুলবাৰীত বিজেপিৰ প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে।
ঢকুৱাখনাতো নৱ দলেৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বিয়লি নাওবৈছাৰ মিত্ৰদলৰ প্ৰাৰ্থী বসন্ত দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ।
আনহাতে সন্ধিয়া লখিমপুৰৰ প্ৰাৰ্থী মানৱ ডেকাৰ হৈ ৰোড শ্ব’ত অংশ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে।

