Lakhimpur eviction news: চৰকাৰে দিয়া কঠিয়া গ্ৰহণ নকৰিলে গুণগুণৰ পৰিয়ালে

চৰকাৰে দিয়া কঠিয়া গ্ৰহণ নকৰিলে গুণগুণৰ পৰিয়ালে। (Lakhimpur eviction news)

খেতিৰ অনুপযোগী কঠিয়া দিছিল চৰকাৰে!

লখিমপুৰ প্ৰশাসনে যোগান ধৰা কঠিয়া ঘূৰাই দিলে গুণগুণৰ পৰিয়ালে।

বৃহস্পতিবাৰে লখিমপুৰ জিলা প্ৰশাসনে গুণগুণহঁতৰ লহপহকৈ বাঢ়ি অহা কঠিয়াডৰাত চলিছিল প্ৰশাসনৰ বুলডজাৰ।

এই ঘটনাক লৈ সামাজিক মাধ্যমত যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল।

ঘটনাৰ পিছতে বিধায়ক মানৱ ডেকাই গুণগুণৰ পৰিয়ালক উন্নত জাতৰ ধানৰ কঠীয়া দিব বুলি আশ্বাস দিছিল।

কৃষি বিশ্ববিদ্যালয়ৰ নিৰ্বাচিত উন্নত মানৰ ধানৰ কঠীয়া দিয়াৰ ব্যৱস্থা কৰিব বুলি কৈছিল।

কিন্তু বিধায়ক মানৱ ডেকাই পঠিওৱা কঠীয়া গ্ৰহণ নকৰিলে কৃষক পৰিয়ালটোৱে।

কিয়নো খেতিৰ উপযোগী কঠীয়াৰ সঁচ নাপাই কঠিয়া প্ৰত্যাখ্যান কৰিলে গুণগুণৰ পৰিয়ালে।

চৰকাৰে দিয়া কঠীয়া এতিয়া আমি ল’ব নোৱাৰোঁ। কঠীয়াখিনি চাপৰ, এবেগেত ওখ। এডোখৰত পানী নাই, এডোখৰত পানী বেছি হৈ আছে। আমি তেনে সঁচৰ কঠীয়া ৰুয়ো পোৱা নাই বুলি কয় গুণগুণৰ পিতৃয়ে।



Related Articles