Breaking

মানকাচৰ শিক্ষাখণ্ডত মধ্যাহ্ন ভোজনৰ নামত লাখ লাখ টকা লুন্ঠন একাংশ ছি আৰ ছি ছিৰ নেতৃত্বত

0 2,035

দঃশালমাৰা মানকাচৰ জিলাৰ ২১ নং মানকাচাৰ সমষ্টিৰ অন্তৰ্গত মানকাচৰ শিক্ষা খণ্ডৰ বিষয়াৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি প্ৰায় ২ কৌটি টকাৰ লকডাউনৰ সময়ত মধ্যাহ্ন ভোজনৰ চাউল ডালি, নগদ ধনৰ নামত এক ভয়ংকৰ কেলেংকাৰী অভিযোগ উত্থাপন হৈছে ।অভিযোগ মতে বাঘাপাৰাৰ আপাৰ বান শালী প্ৰাথমিক বিদ্যালয়, গাৰোপাহাৰ এলপি স্কল, কুকুৰ মাৰা ওকৰাবাৰী এলপি স্কল, নমদাস পাৰা এলপি স্কল, শান্তি পুৰ এলি স্কুল, মালিৰ আলগা বৰ্মন পাৰা এলপি স্কল, দক্ষিণ দয়াৰ চৰ এলপি স্কল, পাগলাৰতোলা এলপি স্কল, বেপাৰী পাৰা এলপি স্কল আদিকে ধৰি প্ৰায় ১০০ টা স্কলত মধ্যাহ্ন ভোজনৰ নামত লুণ্ঠন চলাই কাগজে কলমে বিভাগীয় নথিপত্ৰৰ কাম সম্পূৰ্ণ কৰি কেইবাজনো ছি আৰ ছি ছি আৰু স্কলৰ প্ৰধান শিক্ষকে বিলাসী জীৱন জাপন কৰি আছে। ইয়াৰ উপৰিও মানকাচৰ শিক্ষা খণ্ডত প্ৰায় ৫০০০ হাজাৰ ভূৱা ছাত্ৰ ছাত্ৰীৰ নামত মাহিলী এক বৃহৎ পৰিমাণৰ চৰকাৰী ধন অপচয় কৰি আছে যদিও শিক্ষা খণ্ড বিষয়া জন নিমাত। মানকাচৰ সমষ্টিৰ প্ৰায় ৪০ টা প্ৰাইভেট বেচৰকাৰী জাতীয় বিদ্যালয় আছে। উক্ত জাতীয় বিদ্যালয়ত অধ্যয়নত শ শ ছাত্ৰ ছাত্ৰীৰ নাম বিভিন্ন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ এপিয়াৰ লিষ্টত সন্নিৱিষ্ট কৰি একাংশ ছি আৰ ছি ছিৰ সহযোগত প্ৰধান শিক্ষকে পোছাকৰ নামত ধন, মধ্যাহ্ন ভোজনৰ চাউল ডালি আৰু নগদ ধনৰ লুণ্ঠন চলাই আছে। একাংশ ছি আৰ ছি ছি স্কলৰ সময়ত নিজৰ কৰ্তব্য পালন নকৰি হাটশিঙিমাৰীৰ ছুপাৰ মাৰ্কেটত অযথা ঘুৰি ফুৰি সময় অতিবাহিত কৰা আমি প্ৰায় দেখিবলৈ পাও। আন এক অভিযোগ মতে চৰকাৰী ভাবে প্ৰতিজন ছাত্ৰ ছাত্ৰীক চাৰিযোৰ কৰি স্কলৰ পোছাক যোগান ধৰাৰ পৰিবৰ্তে বহু স্কলত মাথো দুজৰা পোছাক যোগান দি বাকী টকা আত্মসাৎ কৰিছে। গতিকে অনতি পলমে অসম চৰকাৰ শিক্ষা মন্ত্ৰী মহোদয়ে বিভাগীয় ভাবে মানকাচৰ শিক্ষা খণ্ডৰ দুৰ্ণীতিৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষী ব্যক্তিৰ বিৰুদ্ধে প্ৰশাসনিক ব্যৱস্থা লোৱাৰ দাবী জনায় সচেতন মহলে আৰু বিভিন্ন অভিভাৱকে।

Leave A Reply