Breaking

লাকুৱাৰ সাহিত্যপ্ৰাণ খগেশ্বৰ চেতিয়া ফুকনৰ দেহাৱসান

0 35

লাকুৱা অঞ্চলৰ অভিভাৱকস্বৰূপ-অসম সাহিত্য সভাৰ লাকুৱা আঞ্চলিক শাখাৰ প্ৰতিষ্ঠাপক তথা সভাৰ আজীৱন সভ্য-সাহিত্যপ্ৰাণ সন্মানেৰে বিভূষিত বিশিষ্ট সাহিত্যিক খগেশ্বৰ চেতিয়া ফুকনৰ মঙলবাৰে পুৱা ১১ বজাত নিজ বাসগৃহত বাধক্যজনিত কাৰণত দেহাৱসান ঘটে।

প্ৰায় ৯৪ বছৰ বয়সত ইহলীলা সম্বৰণ কৰা সাহিত্যিক খগেশ্বৰ চেতিয়া ফুকনৰ মৃত্যুত লাকুৱা আঞ্চলিক সাহিত্য সভা, শিৱসাগৰ জিলা সাহিত্য সভা তথা লাকুৱা অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

মঙলবাৰে বিয়লি অগণন গুণমুগ্ধ ৰাইজৰ উপস্থিতিত তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।

-দিলীপ হাজৰিকা, নাজিৰা

Leave A Reply