বৰক্ষেত্ৰীৰ শিয়ালমাৰী চৰত ভূমি কেন্দ্ৰীক সংঘাত। দুই ফৈদৰ সংঘাতত তিনিজন গুৰুতৰ ভাৱে আহত

বৰক্ষেত্ৰীৰ শিয়ালমাৰী চৰত দুই ফৈদৰ মাজত ভূমি কেন্দ্ৰীক সংঘাত। দুয়ো ফৈদৰ সংঘাতৰ ফলত তিনিজন লোক গুৰুতৰ ভাৱে আহত হয়। আহত তিনিজনক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱাই।

আহত লোককেইজন ক্ৰমে মজিদ আলী, সোনাবৰ আলী আৰু চৰবেচ আলী। এডোখৰ ভূমিক কেন্দ্ৰ কৰি হানিফ আলী আৰু মজিদ আলীৰ পৰিয়ালৰ মাজত পূৰ্বৰে পৰা চলি ইছিল বিবাদ।

সেই ভূমি ডোখৰক কেন্দ্ৰ কৰিয়েই হানিফ আলীৰ নেতৃত্বত ১০ জনীয়া দল এটাই আহি মজিদ আলী, সোনবৰ আলী আৰু চৰবেচ আলী নামৰ লোক কেইজনক আক্ৰমণ কৰা বুলি অভিযোগ কৰে। সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰি শিয়ালমাৰী চৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে মজিদ আলীৰ পৰিয়ালে।

মুকালমুৱাৰ পৰা শংকৰ দাস

Related Articles