Breaking

নাগালেণ্ডত ভূমিস্খলন ! ২ জনৰ ব্যক্তিৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ। মৃতকৰ আত্মীয়ক প্ৰদান কৰিব ৪ লাখকৈ টকা…

0 85

নাগালেণ্ড ভূমিস্খলনৰ এটা ভয়ানক ভিডিঅ’। নাগালেণ্ডৰ ডিমাপুৰত ভূমিস্খলনৰ ফলত ৩ খন বাহনৰ ক্ষতি হয়। এই ঘটনাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যিটো ভিডিঅ’ দেখিলে আপোনাৰ বুকু কঁপি উঠিব। ডিমাপুৰ জিলাৰ চুমুকেডিমাত মঙলবাৰে বৰষুণৰ সময়ত পাহাৰৰ পৰা এটা শিলে পথত ৰখাই থোৱা দুখন গাড়ীক মহতীয়াই চেপেটা কৰি পেলাই। এই ঘটনাত ২ জন লোকৰ মৃত্যু হয় আৰু ৩ জন আহত হয়। এই ঘটনাৰ ৫ ছেকেণ্ডৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে। প্ৰথমে ভিডিঅ’টো চাওক…

নাগালেণ্ডৰ এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই। তেওঁ টুইট কৰি কয় যে, মঙলবাৰে সন্ধিয়া ৫ বজাত ডিমাপুৰ-কহিমাৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা। সেই ঠাইৰ নাম ‘পকলা পাহাদ’, য’ত ভূমিস্খলন আৰু শিল বাগৰা ঘটনা সংঘটিত হৈয়েই থাকে। মঙলবাৰৰ এই ঘটনাত ২জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩জন লোক আহত হয়। প্ৰতিজন মৃতকৰ আত্মীয়ক ৪ লাখ টকা দিয়া হয় আৰু আহতসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰোৱা হ’ব।

Leave A Reply