Breaking

ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তত বৃহৎ সাংস্কৃতিক অনুষ্ঠান…

0 1,034

প্ৰতিকূল বতৰৰ মাজত ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত–বাংলাদেশ সীমান্তৰ বিষখোৱাত অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগিতাত অনুষ্ঠিত হয় সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ‘সৰহদ কো স্বৰাঞ্জলি’’ নামৰ এটা বিশেষ অনুষ্ঠান যোৱা কালি অনুষ্ঠিত হৈ যায়। কালি নিশাৰ পৰাই ধাৰাষাৰ বৰষুণ। কিন্তু প্ৰতিকূল বতৰকো নেওচি হাজাৰ হাজাৰ লোকৰ উপস্থিতিত আজি ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত–বাংলাদেশ সীমান্তৰ সমীপৰ বিষখোৱাত অনুষ্ঠিত হয়  ‘‘সৰহদ কো স্বৰাঞ্জলি’’ নামৰ এক বিশেষ কাৰ্যসূচী । দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে সমগ্ৰ দেশ ব্যাপি উদযাপিত হৈ থকা ‘‘আজাদি কি অমৃত মহোৎসৱ’’ৰ সৈতে সংগতি ৰাখি জিলাখনৰ বিষখোৱাৰ ‘‘কাৰ্গিল পথাৰ’’ত অনুষ্ঠিত হয় এই অনুষ্ঠান।

গধূলিৰ পৰা আৰম্ভ হোৱা ‘‘সৰহদ কো স্বৰাঞ্জলি’’ অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকী জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহণ কৰে। কন্ঠশিল্পী জিতুল সোনোৱাল, সীমান্ত শেখৰ,  বিদ্যাসাগৰ, ববিতা শৰ্মা,  মন্মথ বৰুৱা, শৰত ৰাগ, জয় চক্ৰৱৰ্তী,  ত্ৰিৱেণী বুজৰবৰুৱাৰে ধৰি কেইবাগৰাকী স্থানীয় শিল্পীয়ে পৰিৱেশন কৰা সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ অঞ্চলটোৰ কেইবা হাজাৰো সীমান্তবাসী ৰাইজ উপস্থিত থাকে। ‘সৰহদ কা স্বৰাঞ্জলি’ৰ সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে মঞ্চত অনুষ্ঠিত হয় চিনাকি তথা সম্বৰ্ধনা অনুষ্ঠান। 
ভাৰত মাতৃৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সেই অনুষ্ঠানত  সীমান্ত চেতনা মঞ্চৰ ৰাষ্ট্ৰীয় সহ–সংযোজক প্ৰদীপণ, দিল্লীৰ প্ৰতিশযথা স্বেচ্ছাসেৱী সংগঠন ‘হন্স ফাউণ্ডেতন’ৰ বিভাগ সঞ্চালক প্ৰমুখ বিকাশ বাৰ্মা আৰু  প্ৰকল্প সন্ময়কাৰী বিনীত  ৰাৱত, অসমৰ প্ৰশাসন পৰিষদৰ সঞ্চালক প্ৰমোদ কলিতা, সীমান্ত চেতনা মঞ্চৰ জিলা সভাপতি নিখিল চন্দ্ৰ সৰকাৰ, সীমান্ত চেতনা মঞ্চৰ ৰাজ্যিক সাংগঠনিক সম্পাদক যোগেন ৰায়, সীমান্ত চেতনা মঞ্চৰ অভ্যৰ্থনা সমিতিৰ সভাপতি উপেন্দ্ৰনাথ চৌধুৰীকে ধৰি জনপ্ৰিয় শিল্পী জিতুল সোনোৱাল, সীমান্ত শেখৰ,  বিদ্যাসাগৰ, ববিতা শৰ্মা,  মন্মথ বৰুৱা, শৰত ৰাগ, জয় চক্ৰৱৰ্তী,  ত্ৰিৱেণী বুজৰবৰুৱা উপস্থিত থাকে। উক্ত সম্বৰ্ধনা অনুষ্ঠানৰ পিছত এখন সৰু তথ্যচিত্ৰ প্ৰদৰ্শিত হোৱাৰ পিছত সীমা সমস্যাৰ ওপৰত সীমান্ত’ নামৰ এখন নাট পৰিৱেশনেৰে ‘‘সৰহদ কা স্বৰাঞ্জলিৰ মূল আকৰ্ষণ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী আৰম্ভ হয়।বুলি , অভৰ্থনা সমিতিৰ কাৰ্য্য কৰী সভাপতি কৃপা সিন্ধু সৰকাৰ জনায়। ়়

Leave A Reply