Breaking

ইটাখোলাত পূজাৰ মাজতে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

0 2,028

বিশ্বনাথ জিলাৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত অসম-অৰুনাচল সীমান্তৱৰ্তী এলেকা চিজুছাৰ পৰা ইটাখোলা আৰক্ষীৰ দ্বাৰা মহানৱমীৰ দিনা বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰে ।জানিব পৰা মতে ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহাদেব নাথৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই এক গোপন সুত্ৰৰ পম খেদি চিজুছা গেটত  অভিযান চলাই প্ৰায় ১০ কাৰ্টুন অৰুণাচলী সুৰা জব্দ  কৰাৰ লগতে অবৈধ সুৰা বেপাৰী তিনিজনক আটক কৰিবলৈ সক্ষম হয় ।নব প্ৰজন্মৰ ধ্বংস কাৰী উক্ত সুৰাখিনি লুকুৱাই সুৰাৰ বেপাৰী কেইজনে পূজাৰ বতৰত  ৰমৰমীয়া বেপাৰ চলাই আহিছিল বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে । অৰুণাচলী সুৰাৰ বিৰুদ্ধে ইটাখোলা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে লোৱা পদক্ষেপক স্থানীয় সচেতন লোকে ভূয়সী প্ৰসংশা কৰিছে ।

Leave A Reply