শ্রীৰামপুৰত কন্টেইনাৰৰ পৰা বৃহৎ পৰিমাণৰ অৰুনাচলী সুৰা জব্দ : চালকক গ্রেপ্তাৰ

ৰাজ্যৰ বিভিন্ন জিলাত ড্রাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্র কৰি তোলাৰ সময়ত কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁৱ মহকুমাৰ অন্তৰ্গত অসম পশ্চিমবংগ সীমান্তৱৰ্ত্তী শ্রীৰামপুৰত আজি ৰাতিপুৱা প্রায় পাঁচ বজাত ৩১ নং (গ)ৰাষ্ট্ৰীয় ঘাইপথত শিমূলটাপু আৰক্ষী চকী ৰ ভাৰপ্রাপ্ত বিষয়া প’ল লাহলিমছাং ৰ নেতৃত্বত আৰক্ষীৰ এটি দলে গোপন খবৰৰ ভিত্তিত  তালাচী অভিযান চলাই  ডিব্ৰুগড়ৰ  পৰা শিলিগুৰী অভিমুখে গৈ থকা এখন কন্টেইনাৰৰ  পৰা বৃহৎ পৰিমাণৰ অৰুনাচলী সুৰা জব্দ কৰে।NL O1Q-1691 নম্বৰৰ কেন্টেইনাৰ খনৰ সন্মুখ ভাগত কৌশল গত ভাৱে চেম্বাৰ বনোৱাই পিছফালে  বিস্কুটৰ পেকেট দি লুকুৱাই ৩২৫ কাৰ্টুনত লৈ অনা বৃহৎ পৰিমাণৰ অৰুনাচলী সুৰা আৰক্ষীয়ে জব্দ কৰে।জব্দ কৰা অৰুনাচলী সুৰাৰ আনুমানিক  বজাৰ মূল্য প্রায় দহ লাখ টকা হ’ব বুলি আৰক্ষী সূত্রই প্রকাশ কৰিছে।কন্টেইনাৰ খনৰ  চালক  আৰমান হোছেইনৰ ঘৰ মৰিগাঁও  জিলাৰ জাগিৰোড আৰক্ষী থানাৰ অন্তৰ্গত জালুগুটি গাওঁত বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে। চালকক গ্রেপ্তাৰ কৰি অধিক তথ্যৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে সুৰা খিনি অৰুনাচল প্ৰদেশৰ পৰা কেন্টেইনাৰ যোগে পশ্চিমবংগৰ শিলিগুৰী অভিমুখে গৈ থকাৰ তথ্য নিশ্চিত কৰিছে। উল্লেখযোগ্য যে মাত্র পাঁচ  দিন পূৰ্বে শিমূলটাপু আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ভাং জব্দ কৰাৰ পিছত আজি পুনৰ অৰুনাচলী সুৰা জব্দ কৰাটোৱে আন্তঃৰাজ্যিক সীমান্তত ড্রাগছৰ মাফিয়া চক্র সক্রিয় হৈ থকাৰ স্পষ্ঠ ইংগিত বহন কৰিছে। 

Related Articles