Breaking

সৰুপথাৰত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ

0 195

গোলাঘাট : সৰুপথাৰত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ। বুধবাৰে নিশা সৰুপথাৰ আৰক্ষীয়ে জব্দ কৰিছে বাৰ্মিজ চুপাৰী ভৰ্তি দুখনকৈ ট্ৰাকৰ লগতে এখন ৱাগনআৰ গাড়ী।। চৈধ্য চকীয়া ট্ৰাক দুখনৰ পৰা ছশ বেগ বাৰ্মিজ চুপাৰী জব্দ কৰে আৰক্ষীয়ে।

নাগালেণ্ডৰ পৰা চুঙাজান হৈ গোলাঘাট অভিমুখে আহি থকা অৱস্থাত সৰুপথাৰ আৰক্ষীৰ জালত পৰে বাৰ্মিজ চুপাৰীসহ পাচজনকৈ লোক। নাগালেণ্ড জিলাৰ নিউলেণ্ডৰ ফটো বস্তিৰ এটা ইটা ভাটাত লোড কৰা হৈছিল চুপাৰিখিনি।

ইটা ভাটাতোৰ মালিক হৈছে বোকাজানৰ বিজয় সিংহ। উল্লেখ্য যে আটকাধীন বিজয় সিঙে বোকাজানৰ এজন বিজেপি নেতাৰ ঘনিষ্ঠ বুলি জাহিৰ কৰাৰ লগতে বহু অবৈধ ব্যৱসায়ৰ লগত জড়িত বুলি জানিব পৰা গৈছে।
লক্ষ্যণীয় যে ট্ৰাক দুখনৰ আগে আগে পহৰা দি আহি আছিল এখন ৱাগনআৰ গাড়ীয়ে।ইপিনে জব্দ কৰা গাড়ী কেইখনৰ নম্বৰ হৈছে HR 65A 9188, PB 10GW 4973 আৰু NL 07CA 1757

আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে ক্ৰমে জম্মু কাশ্মীৰৰ অশোক কুমাৰ, পাঞ্জাবৰ সঞ্জীৱ কুমাৰ সিঙ, কাৰ্বি আংলং জিলাৰ বোকাজানৰ বিজয় সিঙ, উত্তৰ প্ৰদেশৰ শিবম ৰাও আৰু গোলাঘাট জিলাৰ চুঙাজানৰ দেবেশ্বৰ শইকীয়া।

প্ৰেৰক সৰুপথাৰৰ পৰা মাধুৰ্য কোঁৱৰ

Leave A Reply