লাহৰীঘাটৰ নগাবন্ধাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বৰছলা আৰক্ষী চকীৰ অন্তৰ্গত নগাবন্ধাত পুৱাতে স্হানীয় ৰাইজে প্লাষ্টিকৰ মোনাত বৃহৎ পৰিমাণৰ গাঞ্জা সহ এজন যুৱকক আটক কৰি বৰছলা আৰক্ষীক গতাই দিয়ে। আটক কৰা যুৱক জন গৰৈমাৰীৰ ছিদ্দিক আলী।

আটকাধীন যুবক জনৰ ভাষ্য মতে জব্দ কৰা গাঞ্জা খিনি গৰৈমাৰীৰ আঞ্জাৰে দি পঠিয়াইছে বুলি কয়। সম্প্রতি ধৃত যুৱক জনক বৰছলা আৰক্ষীয়ে আৰক্ষী চকীত সোধপোচ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।


লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ প্ৰতিবেদন

Related Articles