বৰপেটা জিলাত তীব্ৰতৰ হৈ উঠিছে মদ আৰু জুৱা বিৰোধী অভিযান । তৎপৰ হৈ পৰিছে সৰ্থেবাৰী আৰক্ষী । সৰ্থেবাৰী আৰক্ষীও তীব্ৰতৰ কৰিছে মদ আৰু জুৱাৰ বিৰুদ্ধে অভিযান । সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসৰ তৎপৰতাত মংগলবাৰে সন্ধিয়া বেলবাৰীৰ শান্তিপুৰত চলে অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান । সহকাৰী উপ পৰিদৰ্শক প্ৰদীপ কুমাৰসহ আৰক্ষীৰ এটি দল লৈ বেলবাৰীৰ শান্তিপুৰৰ নগেন ডেকাৰ ঘৰত চলায় মদ বিৰোধী অভিযান । অভিযান কালত নগেন ডেকাৰ ঘৰৰ পৰা ৩৪ কাৰ্টন অবৈধভাবে মজুত ৰখা বিভিন্ন মাৰ্কাৰ বিলাতী সুৰা জব্দ কৰে আৰক্ষীয়ে । আৰক্ষীৰ উমান পাই নগেন ডেকা পলায়ন কৰে বুলি জানিবৈ সৰ্থেবাৰী আৰক্ষীয়ে । আনহাতে মংগলবাৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসৰ নেতৃত্বত সৰ্থেবাৰীৰ বিভিন্ন অঞ্চলত জুৱাৰ বিৰুদ্ধে অভিযান চলায় । সৰ্থেবাৰী আৰক্ষী থানাৰ এটি দলে সৰ্থেবাৰী, বনিয়াকুছি, লচিমা, কাপলা, বেলবাৰী আদি ঠাইত অভিযান চলাই কেইবাটাও জুৱাৰ ঘাটি উৎখাত কৰে সৰ্থেবাৰী আৰক্ষীয়ে । আৰক্ষীৰ উমান পাই জুৱাৰীসকল পলাই পত্ৰং দিয়ে যদিও জুৱা খেলত ব্যৱহৃত সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ।

