পদুলি মুখত বিধানসভা নিৰ্বাচন । আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন । সমষ্টিয়ে সমষ্টিয়ে চলিছে নিৰ্বাচনীৰ শেষ প্ৰচাৰ সমান্তৰালকৈ বৃহস্পতিবাৰে পুনৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিলে বটদ্ৰৱা সমষ্টিৰ বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকাই । ৮৪ নং বটদ্ৰৱা সমষ্টিৰ নিজ কপাহেৰা খেলপথাৰৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী আঙুৰলতা ডেকাৰ হৈ ৰেলীৰ সৈতে শেষ প্ৰচাৰ চলালে পিয়ুষ হাজৰিকাই । নিৰ্বাচনী প্ৰচাৰৰ চমক দেখুৱাই উলিয়ালে এক বিশাল ৰেলী । সমষ্টিৰ বিভিন্ন অঞ্চলৰ মাজেৰে এই শোভাযাত্ৰাই সমষ্টিৰ মূল কেন্দ্ৰস্থান সমূহ পৰিভ্ৰমন কৰে । কেইবা সহস্ৰাধিক সমৰ্থকক লগত লৈ শিল্পী কলাকুশলীৰ গীতৰ তালে তালে নাচি বাগি বটদ্ৰৱা সমষ্টিৰ কপাহেৰাৰ পৰা শুভাৰম্ভ হোৱা বিশাল শোভাযাত্ৰাত ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকাৰ লগতে অভিনেতা যতীন বৰা, নয়ন নিৰ্বানে আঙুৰলতাৰ হৈ প্ৰচাৰ চলায় । বিশাল ৰেলীত আঙুৰলতা ডেকাই নিজ কণ্যা নমামীক লগত লৈ শেষ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হয় । মন্ত্ৰী পিয়ুষ হাজৰিকাই বটদ্ৰৱাত উপষ্ঠিত হৈ মহাজোট কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামনি বৰাক ক্ষুৰধাৰ সমালোচনা কৰি বিডিঅ’ হৈ থকা সময়ত যি ক’লা টকা ঘটিছিল সেই টকাৰে এতিয়া টিকট কিনি নিৰ্বাচন খেলিবলৈ আগবাঢ়িছে বুলি মন্তব্য কৰে । প্ৰচাৰ কাৰ্য্যসূচীত দলীয় কৰ্মী সমৰ্থকৰ আঙুৰলতা জিন্দাবাদ ধ্বনিৰে আজিও কপাই তোলে বটদ্ৰৱাৰ আকাশ বতাহ ।

